অপেক্ষাৰ অন্ত; বিশ্ব ৰেকৰ্ড গঢ়া বিহুৱা-বিহুৱতীয়ে ২৮-২৯ জুনত লাভ কৰিব ২৫ হাজাৰকৈ টকা

অহা 28 আৰু 29 জুনত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব এই মাননি ৷ জিলাই জিলাই অনুষ্ঠান আয়োজন কৰি একোগৰাকী মন্ত্ৰীয়ে বিহুৱা-বিহুৱতীক দিব প্ৰমাণ পত্ৰ আৰু মাননি ৷

Share to your Social Account

নিউজ ডেস্ক, ৯ জুন: শুকুৰাবে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

ইয়াৰ ভিতৰত এটা উল্লেখনীয় সিদ্ধান্ত হ’ল যে চলিত মাহতে বিহু নৃত্যুৰে বিশ্ব ৰেডৰ্ক গঢ়া বিহুৱা-বিহুৱতীক দিয়া হ’ব মাননি ৷

অহা 28 আৰু 29 জুনত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব এই মাননি ৷ জিলাই জিলাই অনুষ্ঠান আয়োজন কৰি একোগৰাকী মন্ত্ৰীয়ে বিহুৱা-বিহুৱতীক দিব প্ৰমাণ পত্ৰ আৰু মাননি ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব এই অনুষ্ঠানত ৷ বিহুৱা-বিহুৱতীসকলক 25 হাজাৰ টকাকৈ প্ৰদান কৰাৰ বিপৰীতে সংৰক্ষিত হিচাপে থাকি যোৱা বিহুৱা-বিহুৱতীসকলক ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব ৷

কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ ইফালে, অসম চাহৰ 200 বছৰীয়া জয়ন্তী উপলক্ষেও গ্ৰহণ কৰা হৈছে সিদ্ধান্ত ৷ অহা তিনি বছৰলৈ অসমৰ চাহৰ কৃষি কৰ ৰেহাই দিয়া হৈছে ৷

Share to your Social Account