তিনিচুকীয়াত গ্ৰেপ্তাৰ হোৱা NSCN কেডাৰ ৰাম নেৱাৰৰ পৰা কাচিনত নিৰ্মিত ৰাইফল উদ্ধাৰ

নিউজ ডেস্ক, ১৩ নৱেম্বৰ: তিনিচুকীয়া জিলাত সেনাৰ সৈতে হোৱা সংঘৰ্ষত হাতত গুলীবিদ্ধ হৈ গ্ৰেপ্তাৰ হোৱা NSCN (KYA)ৰ এৰিয়া কামাণ্ডাৰ ৰাম প্ৰধান ওৰফে ৰাম নেৱাৰৰ পৰা কাচিনত নিৰ্মিত ৰাইফল, চিম কাৰ্ড আৰু বহু আপত্তিজনক নথি জব্দ কৰিছে সেনাই । উল্লেখ্য যে ১১ নৱেম্বৰত তিনিচুকীয়াৰ বৰগোলাইৰ পৰা সেনাৰ অভিযানত আটক হৈছিল ৰাম প্ৰধান ।
প্ৰাপ্ত তথ্য অনুসৰি, বহুকেইটা গুৰুতৰ অপৰাধৰ সৈতে জড়িত আছিল ৰাম প্ৰধান । ইয়াৰ ভিতৰত জিলাখনৰ ডিলু, বৰগোলাই, লেখাপানী, টিপং লালপাহাৰ, পাহাৰপুৰ আদি স্থানত ধনদাবী কৰা ইত্যাদি । সম্প্ৰতি লেখাপানী আৰক্ষীলৈ দুৰ্ধৰ্ষ কেডাৰ ৰাম প্ৰধানক হস্তগত কৰিছে অসম ৰাইফলছে ।