নিউজ ডেস্ক, ১৩ নৱেম্বৰ: যোৱা মাহত ক্ষুদ্র ঋণী মহিলা, নতুনকৈ বাছনিকৃত অৰুণোদয় হিতাধিকাৰীক প্ৰমাণপত্ৰ আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাই চাইকেল বিতৰণৰ নামত জিলাই জিলাই অস্থায়ী পেণ্ডেল সাজি অনাৱশ্যকভাৱে ৪০ কোটি টকা ব্যয় কৰা চৰকাৰখনে এইবাৰো সেই একেই নীতিৰে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক উত্তীর্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটি বিতৰণৰ বাবে জিলাই জিলাই পুনৰ অস্থায়ী পেণ্ডেল নিৰ্মাণৰ প্ৰক্ৰিয়া হাতত লৈছে।
অহা ৩০ নৱেম্বৰত এই পেণ্ডেল সমূহত মন্ত্রী-মুখ্যমন্ত্ৰী আদিৰ হাতেৰে মুঠ ৩৫,৭৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত আনুষ্ঠানিকভাৱে স্কুটি বিতৰণ কৰা হ’ব। প্রাপ্ত তথ্যমতে এই পেণ্ডেলৰ তলতে অহা ২৯ নৱেম্বৰত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ২৭,১৮৩ গৰাকী ছাত্ৰক আনন্দৰাম বৰুৱা বঁটা হিচাপে ১৫ হেজাৰ টকাকৈ চেক প্রদানৰ কথাও বিবেচনা কৰা হৈছে।
মন কৰিবলগীয়া যে মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অস্থায়ী পেণ্ডেল নিৰ্মাণৰ বাবে ব্যয় ধার্য কৰা হৈছে ২,৩২,৬৮,৪৮৪ টকা। সেইমৰ্মে লোকনিৰ্মাণ বিভাগৰ গুৱাহাটী গৃহ চক্ৰ-২ৰ অধীক্ষক অভিযন্তাৰ ফালৰ পৰা ইতিমধ্যে নিবিদা জাননী জাৰি কৰিছে।
একেদৰে বিভাগটোৰ নগাঁও গৃহ সংমণ্ডলৰ অধীক্ষক অভিযন্তাই জিলাখনত অস্থায়ী পেণ্ডেল সজাৰ বাবে নিবিদা জাননী জাৰি কৰিছে। ইয়াৰ ব্যয় ধার্য কৰা হৈছে ৯৬ লাখ ৩৬ হেজাৰ ২০০ টকা। পূৰ্বৰ দৰে এইবাৰো জিলাই জিলাই অস্থায়ী পেণ্ডেলৰ নামত ৰাজকোষৰ এক বৃহৎ অংকৰ ধন শৰাধ কৰিবলৈ লোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে।





