কিদৰে যাব আজি আপোনাৰ দিনটো- আজিৰ ৰাশিফল
![](https://updatenowne.in/wp-content/uploads/2023/06/20230606_175504-1024x576.jpg)
মেষ: মেষ ৰাশিৰ শাৰীৰিক ক্ষেত্ৰত অসুস্থতাৰ যোগ। মানসিক অশান্তি বৃদ্ধি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু দাম্পত্যত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি পাব। সাহিত্যিক, শিল্পীৰ কৰ্মত মনোযোগ বৃদ্ধি পাব। ৰাজনৈতিক আৰু সামাজিক দিশত জড়িত লোকৰ অশান্তি কাৰক। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত কিছু লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক হ’ব।
বৃষ: বৃষ ৰাশিৰ সু-স্বাস্থ্যৰ যোগ। মনৰ কিছু অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত অশান্তি থাকিব। শিক্ষার্থীৰ মনৰ সন্তুষ্টি কিছু বাঢ়িব। সাহিত্যিক, শিল্পীৰ মনৰ অস্থিৰতা সত্ত্বেও কর্মব্যস্ততা থাকিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি কাৰক হ’ব। কৰ্ম, আর্থিক আৰু ব্যৱসায়ত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শান্তিদায়ক হ’ব।
মিথুন : মিথুন ৰাশিৰ শাৰীৰিক সুস্থতা থাকিব। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসাৰিৰ্কত শুভ কাৰক। বিদ্যাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত শুভ কাৰক। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ উন্নতি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত শুভ হ’ব। সংখ্যাতত্ত্বৰ মতে মধ্যম কাৰক হ’ব।
কর্কট : কৰ্কট ৰাশিৰ শৰীৰৰ সাধাৰণ অশান্তি থাকিব যদিও বিশেষ ভয় নাই। মানসিক, প্রেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব। সাহিত্য, ক্রীড়া, সংস্কৃতিত যুক্তসকলৰ অশান্তিৰ মাজতো উন্নতি লাভৰ যোগ। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাত বাধাৰ যোগ। ৰাজনীতিকৰ মনত অশান্তি বাঢ়িব। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিক দিশত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক হ’ব। সিংহ : সিংহ ৰাশিৰ শাৰীৰিক ক্ষেত্ৰত কিছু অশুভ কাৰক আৰু মনত নিৰাশা বৃদ্ধি পাব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বন্ধুৱে ক্ষতি কৰিব। সাহিত্যিক, শিল্পীৰ পেছাদাৰী দিশত কিছু উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মীয়ে কিছু নতুন পৰিকল্পনাত ব্যস্ত থাকিব। সংখ্যাতত্ত্বৰ মতে মিশ্ৰিত কাৰক।
কন্যা : কন্যা ৰাশিৰ শৰীৰ সুস্থ থাকিব। মনৰ উৎসাহ বৃদ্ধিৰ যোগ। প্ৰেম আৰু পাৰিবাৰ্কিত কিছু অশুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত সুফল লাভৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ বাবে দিনটো ব্যস্ততা বাঢ়িব আৰু উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক হ’ব।
তুলা : তুলা ৰাশিৰ শৰীৰ অসুস্থ থাকিব। মানসিক চিন্তা বৃদ্ধিৰ যোগ। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত শুভ কাৰক হ’ব। বিদ্যাৰ্থীৰ অধ্যয়নৰ উৎসাহ বৃদ্ধি পাব। সাহিত্য, ক্রীড়া-সংস্কৃতি আৰু সমাজসেৱাৰ লগত যুক্তসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পাব। কর্ম, বাণিজ্য আৰু আৰ্থিকত কিছু লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক দিন।
বৃশ্চিক : বৃশ্চিক ৰাশিৰ শাৰীৰিক আৰু মানসিক উভয়তে অশান্তি থাকিব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকতো কিছু অশান্তি হ’ব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কষ্ট বাঢ়িব। ক্রীড়া, সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত যুক্তসকলৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সংবাদকর্মীৰ কিছু পৰিমাণে লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।
ধনু: ধনু ৰাশিৰ শৰীৰৰ শুভ কাৰক। মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত সুখ-শান্তি লাভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু অশান্তি হ’ব পাৰে। ক্ৰীড়া, সাহিত্য, সংস্কৃতিত জড়িত লোকৰ পৰিশ্ৰম বৃদ্ধিৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ চিন্তা বাঢ়িব। কর্ম, বাণিজ্য আৰু আৰ্থিকত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে মিশ্ৰিত কাৰক।
মকৰঃ মকৰ ৰাশিৰ শৰীৰ সুস্থ থাকিব। মানসিক, প্রেম-প্ৰীতি আৰু সাংসাৰিক দিশত অলপ অশান্তি থাকিব। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু অসুবিধা থাকিব। সাহিত্য, সংস্কৃতিত জড়িতসকলৰ দুৰ্ভাৱনা বৃদ্ধিৰ যোগ। ৰাজনীতিকৰ পৰিশ্ৰম বৃদ্ধি পাব । কর্ম, বাণিজ্য আৰু আৰ্থিকত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক ।
কুম্ভঃ কুম্ভ ৰাশিৰ শৰীৰৰ সুস্থতা থাকিব। মানসিক অস্থিৰতাৰ যোগ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত শুভ। বিদ্যাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত হতাশা বাঢ়িব পাৰে। ক্রীড়া, সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিকৰ চিন্তা থাকিব। কর্ম, বাণিজ্য আৰু আৰ্থিকত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে অশান্তি হ’ব। মীন : মীন ৰাশিৰ শৰীৰ অসুস্থ, দাঁত আৰু চকুৰ ৰোগ হ’ব পাৰে। মানসিক অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ মনত দুশ্চিন্তা আহিব। ৰাজনৈতিক ব্যক্তিৰ কষ্টৰ মাজতো সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত লাভৱান হ’ব পাৰে। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া কাৰক।
(বিদ্ৰু- এই ৰাশিফল অসমীয়া প্ৰতিদিন কাকতৰ পৰা সংগ্ৰহ কৰা হৈছে)