Home / Regional / Assam / মন্ত্ৰী ৰণজিৎ দাসৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ ১৩৩ বাধাগ্ৰস্থ লোকক বিনামূলীয়াকৈ সজুঁলি যোগান

মন্ত্ৰী ৰণজিৎ দাসৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ ১৩৩ বাধাগ্ৰস্থ লোকক বিনামূলীয়াকৈ সজুঁলি যোগান

তিনিচুকীয়া, ৯ আগষ্ট: তিনিচুকীয়া জিলা প্ৰশাসনে শাৰীৰিকভাবে বাধাগ্ৰস্থসকলৰ সহায়ৰ বাবে গ্ৰহণ কৰা অভিনৱ কাৰ্যসূচী “চিন্তাশীল অভিযান” (Mission Thoughtful, Tinsukia) ৰ অধীনত আজি ১৩৩ জন তেনে লোকক বিনামূলীয়াকৈ সজুঁলি প্ৰদান কৰে।

ভাৰতীয় তেল নিগম আৰু কেন্দ্ৰীয় সামাজিক ন্যায় তথা সবলীকৰণ বিভাগৰ সহায়ত ৰূপায়ণ কৰিবলৈ লোৱা এই কাৰ্যসূচীৰ আজি তিনিচুকীয়াত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, আইন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

এই উপলক্ষে তিনিচুকীয়াৰ অফিচাৰছ ক্লাবত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰী দাসে কয় যে, ভাৰতীয় তেল নিগমে সামাজিক কল্যাণমূলক কাৰ্যসূচীৰ অধীনত বহুতো আন্ত:গাঁঠনি উন্নয়নৰ কাম কৰিছে। কিন্তু মানুহক সেৱা কৰাৰ এই কাম হৈছে অতি মহত্বপূৰ্ণ। মানুহৰ দুখ-যন্ত্ৰণা লাঘৱ কৰাটো এটা অতি মহৎ কাম ।

তেওঁ এই ক্ষেত্ৰত তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালৰ নেতৃত্বত জিলা সমাজ কল্যাণ বিভাগে গ্ৰহণ কৰা অভিনৱ তথা উদ্ভাৱনীমূলক এই কাৰ্যসূচীৰ অধীনত যোৱা তিনিমাহত ঘৰে ঘৰে গৈ বাধাগ্ৰস্থ লোকসকলক চিনাক্ত কৰাটো আৰু তেওঁলোকক কিছু হ’লেও সকাহ দিবলৈ লোৱা পদক্ষেপ অতি প্ৰশ‍ংসনীয় বুলি তেওঁ মন্তব্য কৰে।

সভাৰ আৰম্ভণিতে জিলা আয়ুক্ত স্বপ্নীল পালে দিয়া আদৰণি ভাষণত কয় যে, জিলাখনত সম্প্ৰতি প্ৰায় ৬৫০০ জন শাৰীৰিকভাৱে বাধাগ্ৰস্থ লোক আছে। এওঁলোকক চিনাক্তকৰণৰ বাবে যোৱা তিনিমাহৰ ‘মিছন থটফুল’ অভিযানৰ অধীনত ঘৰে-ঘৰে গৈ জৰিপ চলোৱা হয়।

ইয়াৰে ৭৯৪ জনক বিভিন্ন সহায়ক সজুঁলি যোগানৰ বাবে বাছনি কৰা হৈছে। পৰ্যায়ক্ৰমে এই সকলোকে তেওঁলোকৰ প্ৰয়োজন অনুসৰি সজুঁলি যোগান ধৰাৰ লগতে কৃত্ৰিম অঙ্গ সংস্থাপনৰো ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। সভাত বিশিষ্ট অতিথিৰ ভাষণত ভাৰতীয় তেল নিগমৰ কাৰ্যবাহী সঞ্চালক অজয় কেইলাও নিগমে সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰে।

সভাত ডিগবৈ শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰবন্ধক কমল বসুমতাৰী, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস আৰু ভাৰতীয় কৃত্ৰিম অঙ্গ নিৰ্মাণ নিগম  (এলিমকো)-ৰ জ্যেষ্ঠ বিষয়া মুকেশ মিশ্ৰ‌ও উপস্থিত থাকে। উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় তথা সবলীকৰণ বিভাগৰ আঁচনিৰ সহায়ত  আজি  যোগান ধৰা সঁজুলি সমূহ এলিমকোয়ে প্ৰস্তুত কৰিছে।

Share to your Social Account
Tagged:

Leave a Reply

Your email address will not be published. Required fields are marked *