
স্পৰ্টছ ডেস্ক, 8 জুন: ভাৰতীয় বিদায়ী কুস্তি ফেডাৰেচনৰ (WFI) সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযোদ্ধাসকলে উত্থাপন কৰা যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত তীব্ৰতৰ হৈছে । ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে ।
দৰাচলতে, মল্লযোদ্ধাসকলে বুধবাৰে ক্ৰীড়া মন্ত্ৰীগৰাকী সাক্ষাৎ কৰে আৰু তেওঁলোকৰ আন্দোলন 15 জুনলৈ পিছুৱাই দিবলৈ সন্মত হয় ৷ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰায়ে আৰক্ষীক 15 জুনৰ ভিতৰত গোচৰটোৰ তদন্ত প্ৰতিবেদন আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷
15 জুন অথবা তাৰ পূৰ্বে দিল্লী আৰক্ষীয়ে আদালতত চূড়ান্ত প্ৰতিবেদন বা অভিযোগপত্ৰ দাখিল কৰিব লাগিব ৷ আইনজ্ঞ তথা সাকেত আদালতৰ অধিবক্তা ধীৰাজ কুমাৰ সিঙে কয় যে যদি আৰক্ষীয়ে অপৰাধমূলক গোচৰত অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰে, তেন্তে আদালতে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিচাৰ চলাব ।
একে সময়তে, যদি আৰক্ষীয়ে বাতিলকৰণ প্ৰতিবেদন দাখিল কৰে তেন্তে ভুক্তভোগী পক্ষই প্ৰত্যাহ্বান জনায় আবেদন দাখিল কৰিব পাৰিব ৷ আৰক্ষীৰ প্ৰতিবেদনৰ আধাৰত আদালতে গোচৰটোৰ বিচাৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিব পাৰে ৷ কিন্তু এয়া এতিয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব আৰক্ষীৰ তদন্ত প্ৰতিবেদনৰ ওপৰত ৷ উল্লেখ্য যে এই ক্ষেত্ৰত আৰক্ষীয়ে এতিয়ালৈকে প্ৰায় 200 জন লোকৰ ভাষ্য লিপিবদ্ধ কৰিছে ৷
প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে আৰু অধিক লোকৰ বিবৃতি লিপিবদ্ধ কৰাৰ সম্ভাৱনা আছে ৷ গোচৰটোৰ তদন্ত কৰি থকা গোটে যিসকলৰ বিবৃতি লিপিবদ্ধ কৰিছে তেওঁলোকৰ ভিতৰত আছে অভিযোগকাৰী, সাক্ষী, ব্ৰীজ ভূষণ শৰণ সিঙৰ সহযোগী, কৰ্মচাৰী, কুস্তি সংগঠনৰ কাৰ্যালয়ৰ বিষয়া আৰু ভুক্তভোগী পৰিয়ালৰ সদস্য ৷
আৰক্ষীয়ে সেই ঠাইসমূহতো অভিযান চলাই য’ত অভিযোগকাৰীসকলে উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছে ৷ মানুহৰ বিবৃতিৰ সৈতে চিচিটিভি ফুটেজো সংগ্ৰহ কৰা হৈছিল ৷ আৰক্ষীৰ দলটোৱে ব্ৰীজ ভূষণৰ ঘৰৰ পৰাও প্ৰমাণ সংগ্ৰহ কৰিছে । যিহেতু বিষয়টো অতি সংবেদনশীল ৷ সেয়েহে, আৰক্ষীয়ে প্ৰযুক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিছে ৷