নিৰ্বাচনৰ পূৰ্বে শাসক পক্ষৰ প্ৰত্যক্ষ সহযোগত ৰাজ্যখনত আতংক সৃষ্টিৰ ষড়যন্ত্ৰ চলিছেঃ ডি ৱাই এফ আই

নিউজ ডেক্স, ২৪ ডিচেম্বৰঃ  অসম আৰক্ষীয়ে মাত্ৰ দুটা দিনত ৫ জনকৈ যুৱকক কেৱল আলফা(স্বাঃ) ৰ সন্দেহ এনকাউন্টাৰ কৰা ঘটনাক তীব্ৰ বিৰোধিতা কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আই অসম ৰাজ্যিক কমিটিয়ে।

সংগঠনটোৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে সংবাদমাধ্যমলৈ এখন প্ৰেছ বিজ্ঞপ্তি প্ৰদান কৰি কয় যে-  “অসম আৰক্ষীয়ে আৰম্ভ কৰা এনকাউন্টাৰ সংস্কৃতি কিছুদিন বন্ধ আছিল যদিও পুনৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। উগ্ৰপন্থীৰ সন্দেহত পাঁ‌চজনকৈ যুৱকক এনকাউন্টাৰ কৰি পুনৰ আতংকময় পৰিস্থিতি আমদানি কৰিছে। মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ ইংগিতত আৰক্ষীয়ে আৰম্ভ কৰা এনকাউন্টাৰ কাৰ্যক ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এই অমানৱীয়, নিষ্ঠুৰ তথা বেআইনী কাৰ্য তৎকালে বন্ধ কৰিবলৈ দাবী জনাইছে”।

লগতে সংগঠনটোৱে কয় যে- আৰক্ষীয়ে এনকাউন্টাৰ কৰা যুৱক  পাঁ‌চজন আলফাগামী বুলি দাবী কৰাৰ সময়তে পৰিয়ালৰ লোকে তেওঁলোকক নিৰীহ আৰু শ্ৰমজীৱি যুৱক বুলিহে দাবী কৰিছে। যিকাৰণতেই নহওক এনকাউন্টাৰ কেতিয়া গ্ৰহণযোগ্য হ’ব নোৱাৰে।

আনহাতে লোকসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে শাসক পক্ষৰ প্ৰত্যক্ষ সহযোগত ৰাজ্যখনত এক আতংকময় আৰু অস্থিৰ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ কৰি সংগঠনটোৱে কয় যে- এই  কু-চক্ৰান্তৰে অংশ হৈছে পাঁ‌চজনকৈ যুৱকৰ এনকাউন্টাৰ। লগতে ডি ৱাই এফ আইয়ে এনে ঘৃণনীয় কাৰ্য তৎকালে বন্ধ কৰাৰ দাবী কৰাৰ লগতে এনে কাৰ্য প্ৰতিবাদ কৰিবলৈ সৰ্বস্তৰৰ ৰাইজলৈ আহ্বান জনাইছে।

Share to your Social Account