
গুৱাহাটী, 7 জুনঃ এফালে অত্যাৱশ্যকীয় সমাগ্ৰীৰ দামবৃদ্ধিয়ে জ্বলা-কলা খোৱাইছে ৰাজ্যবাসীক ৷ ইফালে প্ৰচণ্ড গৰমৰ মাতজে বিদ্যুৎ মাচুল বৃদ্ধি কৰি ৰাইজক মাধমাৰ দিছে চৰকাৰে ৷ তেনে সময়তে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যু মাচুক বৃদ্ধিক লৈ কৰা এই মন্তব্যই ৰাজ্যজুৰি লাভ কৰিছে ৷ সামাজিক মাধ্যতো চৰ্চাৰ বিষয় হৈ পৰিছে বিশ্বজিৎ দৈমাৰীৰ মন্তব্য ৷ উল্লেখ্য যে বিদ্যুতৰ মাচুল কমকৈ ভৰিবলৈ ৰাইজক গছৰ তলত আশ্ৰয় লোৱাৰ উপদেশ দিছিল বিশ্বজিৎ দৈমাৰীয়ে ৷
ৰাজনৈতিক মহলতো তেওঁৰ মন্তব্যক লৈ চৰ্চা চলি থকাৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গায়ক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ৷ এটা ফেচবুক পষ্টত গৰিমা শইকীয়া গাৰ্গে লিখিছে, ‘‘যোৱা মাহত ১০,৫০০, এই মাহৰ প্ৰথম ৫ দিনত ২০০০.. মানে মাহৰ শেষলৈ ১২০০০ ।বহেমিয়ানৰ ঘৰ বুলি দুটা কোঠাত বেছিভাগ সময় লাইট ফেন ও বন্ধ থাকে । আমাৰ ওচৰত ডাঙৰ গছো নাই ৷’’
অৰ্থাৎ দাম বৃদ্ধয়ে এতিয়া ৰাইজৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ ৷ যাৰ বাবে জুবিন গাৰ্গৰ পত্নীও ট্ৰ’ল কৰিব লগা হ’ল বিশ্বজিৎ দৈমাৰীক ৷