এইবাৰ আলফা স্বাধীনলৈ গুৱাহাটী IITৰ কৰ্মচাৰী গৌতম গগৈ

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ পুনৰ আলফা স্বাধীনত যোগদান ৰাজ্যৰ এগৰাকী যুৱকৰ । সংগঠনটোত যোগদান কৰা যুৱকজন গুৱাহাটী IITৰ কৰ্মচাৰী গৌতম গগৈ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বুধবাৰে সংগঠনটোত যোগদান কৰে যুৱকজনে । যুৱকজনৰ ঘৰ শিৱসাগৰত ।
অতি লক্ষণীয় কথাটো হ’ল যে গৌতম গগৈ নামৰ যুৱকজনে এটি লোভনীয় এটা চাকৰিত কৰ্মৰত হৈ আছিল । কিয়নো গৌতম গগৈৰ মাহিলী পাৰিতোষিক আছিল ৫১,৬৮৪ টকা । কিন্তু এনে এটা চাকৰিত কৰ্মৰত হৈ থকাৰ পাছতো যুৱকজনে কিয় আলফা স্বাধীনত যোগদান কৰিলে সেয়া অতি ৰহস্যৰ বিষয় হৈ পৰিছে ।

মন কৰিব লগীয়া যে, কৰ্ম সংস্থাপনহীন একাংশ যুৱক-যুৱতীয়েহে আলফা স্বাধীনত যোগদান কৰা বুলি বিভিন্ন সময়ত চৰ্চিত হৈ আহিছে । কিন্তু ইয়াৰ বিপৰীতে এতিয়া একাংশ উচ্চ শিক্ষিত যুৱক আৰু সংস্থাপিত যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰা বিষয়টো এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে ।
যি সময়ত আলফা স্বাধীনৰ সৈতে আলোচনাৰ কথা চলি আছে, তেনে সময়তো সংগঠনটোৱে যোগদান প্ৰক্ৰিয়া চলাই নিছে । কিছুদিন পূৰ্বে নাহৰকটীয়াৰ বিদ্যুত মহন্ত নামৰ এগৰাকী সাংবাদিকেও আলফা স্বাধীনত যোগদান কৰে ।
গতিকে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অসমৰ সাম্প্ৰতিক শাসন ব্যৱস্থাৰ প্ৰতি মোহভংগ হৈছে নেকি ৰাজ্যৰ একাংশ যুৱক-যুৱতীৰ , যাৰ বাবে তেওঁলোকে বিদ্ৰোহৰ পন্থা বা হাতত অস্ত্ৰ তুলি ল’বলৈ বাধ্য হৈছে ।