বিস্ফোৰক তথ্য; মণিপুৰত নিৰ্বাচন জয়ী হ’বলৈ কুকি উগ্ৰপন্থী গোটৰ সহায় লৈছিল হিমন্ত বিশ্ব শৰ্মাই !

২০১৭ নিৰ্বাচনত জয়ী হ’বলৈ মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ সহায় লৈছিল হিমন্ত বিশ্ব শৰ্মাই ৷ ইণ্ডিয়া টুডেত প্ৰকাশিত এক বাতৰিৰ পিছতেই এতিয়া তুলপাৰ লাগিছে ৰাজ্য ৷

Share to your Social Account

নিউজ ডেস্ক, ১৪ জুনঃ ২০১৭ নিৰ্বাচনত জয়ী হ’বলৈ মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ সহায় লৈছিল হিমন্ত বিশ্ব শৰ্মাই ৷ ইণ্ডিয়া টুডেত প্ৰকাশিত এক বাতৰিৰ পিছতেই এতিয়া তুলপাৰ লাগিছে ৰাজ্য ৷ ২০১৯ চনত SoO ৰ অধীনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ কুকি সংগঠনৰ এগৰাকী নেতাৰ পৰা প্ৰেৰণ কৰা পত্ৰত দাবী কৰা হৈছ যে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ কুকি সংগঠনসমূহৰ সহায় লৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱে ৷

উল্লেখ্য যে ২০১৭ চনত প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহিছিল আৰু মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল ৷ এই পত্ৰখন SoO-ৰ অধীনৰ অন্যতম সশস্ত্ৰ সংগঠন ইউনাইটেড কুকি লিবাৰেচন ফ্ৰণ্টৰ (United Kuki Liberation Front) অধ্যক্ষ এছ.এছ. হাওকিপে ( SS Haokip) 8 জুন, 2023 তাৰিখে এন.আই.এ. আদালতত দাখিল কৰা শপতনামাৰ সৈতে সংলগ্ন নিথিবোৰৰ ভিতৰত অন্যতম আছিল ৷ হাওকিপ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক য়ামথং হাওকিপৰ পৰা অবৈধ অস্ত্ৰ ক্ৰয়ৰ গোচৰত অভিযুক্ত।

এছ এছ হাওকিপে ক্ৰয় কৰা ১০ টা পিষ্টল ৰাজ্যিক আৰক্ষীৰ অস্ত্ৰাগাৰৰ পৰা চুৰি হোৱাৰ অভিযোগ আছে । উগ্ৰপন্থী সংগঠনসমূহক চুৰি অস্ত্ৰ বিতৰণ কৰাৰ অভিযোগত ২৪ আগষ্ট, ২০১৮ত য়ামথং হাওকিপক গ্ৰেপ্তাৰ কৰা হৈছিল ।পত্ৰখনত ইউকেএলএফ নেতাজনে অভিযোগ কৰিছে যে, ২০১৭ চনত তেওঁৰ সংগঠন আৰু আন এটা কুকি সংগঠন ইউনাইটেড পিপল ফ্ৰণ্টে (ইউপিএফ) বিজেপি প্ৰাৰ্থী নিৰ্বাচিত কৰিছিল, ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা চুক্তি অনুসৰি ৷”ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনত মই অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলো । স্পষ্টকৈ ক’বলৈ গ’লে যদি এইবোৰ আমাৰ দ্বাৰা সমৰ্থিত নহ’লহেঁতেন তেন্তে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰ স্থাপন কৰাটো প্ৰায় অসম্ভৱ হ’লহেঁতেন । শেহতীয়াকৈ সমাপ্ত হোৱা সংসদীয় নিৰ্বাচনত, বিজেপি প্ৰাৰ্থীয়ে আমাৰ অভিযানৰ ক্ষেত্ৰৰ ভিতৰত প্ৰায় ৮০-৯০ শতাংশ ভোট লাভ কৰিছিল ৷” পত্ৰখনত লিখা হৈছে ৷

এছ এছ হাওকিপে অভিযোগ কৰিছে যে তেওঁ অস্ত্ৰ ক্ৰয়ৰ গোচৰত অবৈধভাৱে সংগ্ৰহ কৰা পিষ্টলবোৰ ঘূৰাই দিয়াৰ পিছতো মিছাকৈ জড়িত হৈ আছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ ওচৰত গোচৰটোত অব্যাহতি বিচাৰি কৰা আবেদনত কুকি বিদ্ৰোহী নেতাজনে অতীতত গেৰুৱা দলৰ প্ৰতি কৰা অনুগ্ৰহৰ কথা উল্লেখ কৰে ৷ অৱশ্যে তেওঁৰ দাবী ৰাম মাধৱে অস্বীকাৰ কৰিছে।

“নিৰ্বাচনী প্ৰচাৰৰ সময়ত জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বহুলোকে আমাক লগ পায় । অৱশ্যে, মোৰ মনত নাই যে এই ব্যক্তিজন বা কোনো উগ্ৰপন্থী সংগঠনৰ নেতাক লগ পাইছো । সেয়েহে, তেওঁৰ পৰা সহায় লোৱাৰ কোনো প্ৰশ্নই নাই । আমি আমাৰ কেডাৰ আৰু জনসমৰ্থনৰ বলত নিৰ্বাচনত জয়ী হওঁ,” ৰাম মাধৱে কয় ।

মণিপুৰত 32 টা কুকি বিদ্ৰোহী গোট আছে, যাৰ ভিতৰত 25 টা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক এছ.ও.ও. চুক্তিৰ অধীনত আছে। এছ.ও.ও.-ত স্বাক্ষৰ কৰা সংগঠনবোৰে দুটা umbrella গোটৰ অধীনত কাম কৰে ৷ কুকি ৰাষ্ট্ৰীয় সংগঠনৰ (কে.এন.ও.) অধীনত 17 টা, আৰু ইউ.পি.এফ.-ৰ অধীনত আঠটা ।

এই গোটবোৰৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ 22 আগষ্ট, 2008 তাৰিখে এছ.ও.ও. চুক্তি স্বাক্ষৰিত হৈছিল ৷ এছ.ও.ও. চুক্তি অনুসৰি, সুৰক্ষা বাহিনী আৰু বিদ্ৰোহী গোট দুয়োটাই প্ৰতিআক্ৰমণ নকৰে ৷ এছ.ও.ও. গোটবোৰে ভাৰতৰ সংবিধান, আৰু দেশৰ আইন মানি চলিব লাগিব আৰু মণিপুৰৰ আঞ্চলিক অখণ্ডতা স্বীকাৰ কৰিব লাগিব ।

উগ্ৰপন্থী কেডাৰসকলক নিৰ্ধাৰিত শিবিৰত আৱদ্ধ কৰি ৰখা হৈছে আৰু তেওঁলোকক মাহিলী ৫,০০০ টকাৰ বৃত্তি দিয়া হৈছে । নিৰ্ধাৰিত শিবিৰবোৰ ৰক্ষণাবেক্ষণ ৰখাৰ বাবে বিত্তীয় সাহায্যও প্ৰদান কৰা হয় ।

Share to your Social Account