কুকি বিদ্ৰোহীৰে সম্পৰ্ক নস্যাৎ হিমন্ত বিশ্ব শৰ্মাৰ

কুকি বিদ্ৰোহী সংগঠনৰ সৈতে সম্পৰ্ক নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ শুকুৰবাৰে ডিফুত সাংবাদিকৰ আগত শেহতীয়াকৈ উত্থাপন হোৱা অভিযোগ নসাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Share to your Social Account

নিউজ ডেস্ক, ১৬ জুন: কুকি বিদ্ৰোহী সংগঠনৰ সৈতে সম্পৰ্ক নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ শুকুৰবাৰে ডিফুত সাংবাদিকৰ আগত শেহতীয়াকৈ উত্থাপন হোৱা অভিযোগ নসাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয়, ‘‘ইমানবোৰ মানুহে বিজেপিক ভোট দি জয়ী কৰাইছে, বিদ্ৰোহী সংগঠনৰ সৈতে সম্পৰ্ক কিদেৰ সম্ভৱ হ’ব পাৰে ৷’’

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্তি বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছিল ২০১৭ চনত মণিপুৰৰ বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ কুকি বিদ্ৰোহী সংগঠনৰ পৰা সহায় লোৱাৰ অভিযোগ ৷ এটা কুকি বিদ্ৰোহী গোটৰ এগৰাকী নেতাই গৃহমন্ত্ৰী অমিত শ্বাহলৈ লিখা এখন পত্ৰত উল্লেখ আছিল এই কথা ৷ এই কথা পোহৰলৈ অহাৰ পাছতেই ৰাজ্যৰ ৰাজনীতিৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতিতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ বিৰোধী দলসমূহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ বাবাও দাবী উত্থাপন কৰিছিল ৷ এই সমগ্ৰ বিষয়ে ব্যাপক চৰ্চা লাভ কৰি থকাৰ মাজতে উত্থাপিত হোৱা সকলো অভিযোগ নস্যাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Share to your Social Account