মণিপুৰত পুনৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

নিউজ ডেস্ক, 7 জুন: বৰ্তমানেও মণিপুৰলৈ ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা ৷ অশান্তজৰ্জৰ মণিপুৰলৈ শান্তি-শংখলা ঘূৰাই আনিবলৈ নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ বিগত 24 ঘণ্টাত পূব ইম্ফলৰ পৰা মুঠ 57 টা বন্দুক, 318 টা সক্ৰিয় গুলী আৰু 5 টা বোমা উদ্ধাৰ কৰা হৈছে ৷ বৰ্তমানলৈকে মণিপুৰত উদ্ধাৰ কৰা হৈছে 868 টা বন্দুক, ১১,৫১৮ টা সক্ৰিয়া গুলী (Arms ammunitions recovered in Manipur) ৷ উল্লেখ্য যে হিংসাত্মক পৰিস্থিতিৰ সময়ত নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি নিয়া হৈছিল বৃহৎ পৰিমাণৰ অস্ত্ৰ ৷ এই অস্ত্ৰসমূহ ঘূৰাই দিবলৈ কিছুদিন পূৰ্বে এক সংবাদমেলযোগে সকীয়নি প্ৰদান কৰিছিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিংঙে (Manipur latest Update) ৷ মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদিপ সিঙে সদৰী কৰিছে এই তথ্য ৷

Share to your Social Account