Home / Regional / Manipur / মণিপুৰত ইণ্টাৰনেট কৰ্তনৰ ম্যাদ 10 জুনলৈ বৃদ্ধি

মণিপুৰত ইণ্টাৰনেট কৰ্তনৰ ম্যাদ 10 জুনলৈ বৃদ্ধি

নিউজ ডেস্ক, 8 জুনঃ অশান্তজৰ্জৰ মণিপুৰত ইণ্টাৰনেট সেৱা কৰ্তনৰ ম্যাদ 10 জুনলৈকে বৃদ্ধি ৷ 10 জুনৰ বিয়লি 3 বজালকৈ বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট কৰ্তনৰ ম্যাদ ৷

এক বিবৃতিযোগে এই নিৰ্দেশনা জাৰি কৰিছে মণিপুৰ চৰকাৰে ৷ উল্লেখ্য যে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে মণিপুৰ চৰকাৰক মানুহৰ সুবিধাৰ বাবে সেৱা আৰম্ভৰ বিষয়ে বিবেচনা কৰিবলৈ আহ্বান জনাইছে ৷

ৰাজ্যখনত ইণ্টাৰনেট সেৱা কৰ্তনৰ ম্যাদ সম্প্ৰসাৰণ স্বত্বেও, সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) এজন জোৱান নিহত হোৱাৰ সময়ত মঙলবাৰে পুৱতি নিশা কাকচিং জিলাত নিৰাপত্তাবাহিনী আৰু বিদ্ৰোহীৰ এটা দলৰ মাজত গুলীচালনাত অসম ৰাইফলছৰ দুজন জোৱান গুলীচালনাৰ আঘাতপ্ৰাপ্ত হয় ৷

মঙলবাৰে পুৱা প্ৰায় 4.15 বজাত সন্দেহজনক কুকি বিদ্ৰোহীগোটে চেৰৌ প্ৰেক্টিকেল হাই স্কুলত নিয়োজিত বিএছএফ জোৱানৰ ওপৰত নিৰ্বিচাৰ আৰু প্ৰচণ্ড গুলীবৰ্ষণৰ কৰে ৷ পৰৱৰ্তী গুলী বিনিময়ত, কনিষ্টবল ৰঞ্জিত যাদৱ গুলীত বিদ্ধ হয় আৰু তেওঁক কাকচিঙৰ ‘জীৱন চিকিৎসালয়’লৈ প্ৰেৰণ কৰা হয় যদিও য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷

Share to your Social Account
Tagged: