Home / Sport / কোৰিয়াক পৰাস্ত কৰি মহিলা জুনিয়ৰ এছিয়া কাপ ২০২৩ ৰ খিতাপ জয় ভাৰতৰ

কোৰিয়াক পৰাস্ত কৰি মহিলা জুনিয়ৰ এছিয়া কাপ ২০২৩ ৰ খিতাপ জয় ভাৰতৰ

স্পৰ্টছ ডেস্ক, ১১ জুনঃ ভাৰতীয় মহিলা হকী জুনিয়ৰ দলে কোৰিয়াক ২-১ গ’লত পৰাস্ত কৰি মহিলা জুনিয়ৰ এছিয়া কাপ ২০২৩ ৰ খিতাপ জয় কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে এই খিতাপ জিকিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই জয়ৰ বাবে অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা দলটোক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।

“২০২৩ চনৰ মহিলা হকী জুনিয়ৰ এছিয়া কাপ জয় কৰাৰ বাবে আমাৰ যুৱ চেম্পিয়নসকলক অভিনন্দন! দলটোৱে যথেষ্ট অধ্যৱসায়, প্ৰতিভা আৰু দলবদ্ধ ভাৱে কাম কৰিছে। তেওঁলোকে আমাৰ দেশক বহুত গৌৰৱান্বিত কৰিছে। তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছো।” টুইট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

মহিলা জুনিয়ৰ এছিয়া হকী কাপ ২ জুনৰ পৰা ১১ জুনলৈ জাপানৰ কাকামিগাহাৰাত অনুষ্ঠিত হৈছিল। দেওবাৰে, ইয়াৰ অন্তিমখন খেল আছিল কোৰিয়া আৰু ভাৰতৰ মাজত। ইয়াত, ভাৰতীয় দলে কোৰিয়াক ২-১ গ’লত পৰাস্ত কৰি খিতাপ জয় কৰে। হকী ইণ্ডিয়াই চেম্পিয়ন দলৰ প্ৰতিজন খেলুৱৈক ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ।

Share to your Social Account
Tagged: