যুৱ-সাংবাদিক বিদ্যুৎ মহন্তৰ আলফা স্বাধীনত যোগদানৰ পাছতে তীব্ৰ চাঞ্চল্য
নিউজ ডেস্ক,০৬ ডিচেম্বৰঃ আজি আবেলি প্ৰায় ১১.৩৬ মান বজাত নাহৰকটীয়াৰ যুৱ সাংবাদিক বিদ্যুৎ মহন্তই নিজৰ ফেচবুক একাউণ্টৰ যোগেদি আলফা স্বাধীন সংগঠনত যোগদান কৰাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নাহৰকটীয়াৰ লংজং গাঁৱৰ নিবাসী ললিত চন্দ্ৰ মহন্ত আৰু ৰুমী মহন্তৰ একমাত্ৰ পুত্ৰ সন্তান বিদ্যুৎ মহন্ত (মুণ্ণা) ই আলফা স্বাধীনত যোগদান কৰাৰ কথা ফেচবুকৰ জৰিয়তে ঘোষণা কৰাৰ পিছতেই পৰিয়ালৰ মাজত সাহাকাৰ লগা লগতে সমগ্ৰ নাহৰকটীয়া অঞ্চলৰ উপৰিও সমগ্ৰ অসমতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যুৎ মহন্তই নিজ পিতৃ-মাতৃৰ লগতে নিজ পত্নী আৰু এটি ৯ বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ জাতীয় মুক্তি বিপ্লৱৰ পথাৰত জপিয়াই পৰিবলৈ ম্যানমাৰলৈ ঢাপলি মেলিলে বুলি সামাজিক মাধ্যম যোগে জনাইছে।
২০০৯ চনতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰা বিদ্যুতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় কোম্পানীত চাকৰি কৰিছিল যদিও চাকৰি এৰি দেশ-জাতিৰ স্বাধিকাৰৰ হকে ৰাইজৰ পক্ষত থিয় দিবলৈ হাতত কলম তুলি লোৱাৰ সমান্তৰালকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা distance ত অসমীয়া সাহিত্যত স্নাতকোত্তৰ মহলাত অধ্যয়নৰত হৈ আছিল।
নাহৰকটীয়াৰ পৰা প্ৰকাশিত বুলন কুমাৰ শইকীয়াৰ দ্বাৰা সম্পাদিত খবৰ চাৰিদিশ নামৰ কাকত খনতেই লিখামেলা আৰম্ভ কৰা বিদ্যুতে পিছলৈ দৈনিক গণ অধিকাৰ,The Sentinel আৰু যোৱা ২০১৯ চনৰ মাৰ্চ মাহৰ পৰা অসমৰ অতিকৈ পুৰণি কাকত তথা আসাম ট্ৰিবিউন গ্ৰুপৰ ‘দৈনিক অসম’ কাকতত নাহৰকটীয়াৰ স্থানীয় সংবাদদাতা হিচাপে সাংবাদিকতাৰ ক্ষেত্ৰাখনত জড়িত হৈ আছিল। প্ৰবল জাতীয়তাবাদী আদৰ্শৰে নিৰ্ভীক ভাৱে নিজৰ সাংবাদিকতাক এক গতি দি ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা আপোচবিহীন সাংবাদিক বিদ্যুৎ মহন্তই ২০২১ চনৰ ১৫ আগষ্টত ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা নিৰ্ভীক যুৱ সাংবাদিকতাৰ বটাও লাভ কৰিবলৈ সক্ষম হৈছিল।
তদুপৰি যুৱ সাংবাদিক গৰাকী অসম সাহিত্য সভাৰ নাহৰকটীয়া শতদল শাখাৰ কাৰ্যনিৰ্বাহক সদস্য হোৱাৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠান,প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছিল।
আজি যুৱ সাংবাদিক গৰাকীয়ে আলফা স্বাধীনত যোগদান কৰি তেওঁৰ ফেচবুক পোষ্টত লিখিছে যে, “মোৰ দেশ, মোৰ মাটি আৰু মোৰ জাতি পৰাধীন হোৱা আজি প্ৰায় ২০০ বছৰেই হ’বৰ হ’ল। ১৮২৬ চনত ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত হোৱা তথাকথিত ইয়াণ্ডাবু সন্ধিৰ যোগেদি স্বাধীন অসমৰ বেলি মাৰ গৈছিল।
১৯৪৭ চনত সেই ব্ৰিটিছৰ পৰা ভাৰতৰাষ্ট্ৰই বুজাবুজিৰ চুক্তি কৰি তথাকথিত স্বাধীনতা লাভ কৰিলে৷ অসমকো সেই স্বাধীনতাৰ সম-অধিকাৰ পোৱাৰ লোভ দেখুওৱাই পৰৱৰ্ত্তী সময়ত বিশ্বাসঘাতকৰ ৰূপত থিয় হৈ অসম তথা পশ্চিমা-দক্ষিণ-পূৱ এছিয়া (ৱেছিয়া) তথা; তথা-কথিত উত্তৰ পূৰ্বাঞ্চলত আজিও বিট্ৰিছৰ সৃষ্টি ভাৰত ৰাষ্ট্ৰৰ ঔপনিৱেশিক ভূমিকাত অৱতীৰ্ণ হৈ শোষণ, নিপীড়ন, দমন, নিষ্পেষণ চলিয়েই আছে তথা দিনকদিনে আৰু বাঢ়িব ধৰিছে। ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাটোৰ এনে অন্যায় অবিচাৰৰ বিৰুদ্ধে হাতত তুলি লৈছিলোঁ কলম, কিন্তু সময়ৰ তাগিদাই আমাক উপলব্ধি কৰোৱালে যে ভাৰতৰাষ্ট্ৰৰ শোষণগ্ৰন্থ সংবিধানৰ গণ্ডীত থাকি অসম দেশত উদিত সূৰুযৰ কিৰণ পেলোৱাটো অসম্ভৱ।
কিয়নো ভাৰতৰাষ্ট্ৰৰ সংবিধান নামৰ তথাকথিত কিতাপখনে অসম তথা অসমীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব পৰা নাই আৰু কেতিয়াও নোৱাৰে। সংবিধান লিখোঁতে অসমৰ এজনো প্ৰতিনিধি নথকা সংবিধান সভাই লিখি উলিওৱা ঔপনিৱেশিক ব্ৰিটিছৰ স্বাৰ্থ সুৰক্ষা কৰা তথা এতিয়া দিল্লীৰ স্বাৰ্থ সুৰক্ষা কৰা প্ৰতাৰণাৰ দলিল সেই তথাকথিত ভাৰতীয় সংবিধানৰ শপত লোৱা আমাৰ চৰকাৰবোৰো আচলতে দিল্লীৰ হাতৰ গোলাম৷ চৰকাৰবোৰে অসম দেশৰ হিত চিন্তা কৰিবলৈ চেষ্টা কৰিলেও দিল্লীৰ শেনচকুৱে তাক কৰিব নিদিয়ে।
ঔপনিৱেশিক ভাৰতে বলীয়া কুকুৰৰ দৰে ভেৰোণীয়া বাহিনীক মেলি দি অসম আৰু অসমৰ থলগিৰি জাতি-জনগোষ্ঠী সমূহৰ ওপৰত দমন নিপীড়ন শোষণ নিষ্পেষণ তথা প্ৰাকৃতিক সম্পদৰ লুণ্ঠন চলাই আহিছে এই তথাকথিত সংবিধান আৰু আইনৰ ভয় ভাবুকিৰে। আমাৰ জাতি, আমাৰ অধিকাৰ, আমাৰ জাত্যাভিমান, আমাৰ সম্পদ, আমাৰ কৃষ্টি- সংস্কৃতি ৰক্ষা কৰিব পাৰিছেনে সংবিধান নামৰ কিতাপখনে?
আমি হেনো স্বাধীন ভাৰতৰাষ্ট্ৰৰ স্বাধীন নাগৰিক, ভাৰত নামৰ এই দেশত হেনো সকলোৰে সম অধিকাৰ আছে! তেনেহ’লে কিয় অসমে তাৰ নিজ ভূমিত ৰাজনৈতিক, আৰ্থ-সামাজিক অধিকাৰৰ পৰা বঞ্চিত হ’ব লগা হৈছে? কিয় প্ৰতিটো ক্ষেত্ৰতে দিল্লীৰ অনুমতি আৰু অনুগ্ৰহৰ প্ৰয়োজন? অসমে কেনেকৈ থাকিব, কেনেকৈ চলিব, সামাজিক দৃষ্টিভংগী কেনে হ’ব, অসমৰ সম্পদ অসমে কিদৰে ব্যৱহাৰ কৰিব, কাৰ সৈতে বাণিজ্য-ব্যৱসায় কৰিব এনেবোৰ সিদ্ধান্ত কিয় নিজাববীয়াকৈ লব নোৱাৰে? কিয় বাৰে বাৰে দিল্লীৰ দয়াৰ পাত্ৰ হ’বলগা হয়?”
তেওঁ লগতে লিখিছে যে, “বৃটিছ শাসকে যিদৰে ভাৰত ত্যাগ আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ ১৯৪২ চনত প্রৱর্তন কৰা The Armed Forces Special Powers Ordinance of 1942 ঔপনিৱেশিক আইনখন প্ৰৰ্বত্তন কৰিছিল সেইদৰে ভাৰতেও সেইখন আইনকে ১৯৫৮ চনত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [AFSPA] নামেৰে অসম ভূ-খণ্ডত প্ৰয়োগ কৰি অসমৰ থলগিৰি জনগণৰ ওপৰত বৰ্বৰ আক্ৰমণেৰে ঔপনিৱেশিক চৰিত্ৰৰ জ্বলন্ত উদাহৰণ দাঙি ধৰিছে। এই আইনৰ আলমত ঔপনিৱেশিক ৰাষ্ট্ৰযন্ত্ৰই ভাৰতীয় সংবিধানৰ গইনা লৈ হত্যা-ধর্ষণ, অত্যাচাৰ- উৎপীড়ণৰ বিভীষিকাৰে যাতে ‘সন্মিলিত জাতীয় মুক্তি বিপ্লৱ’ক মষিমূৰ কৰিব পাৰে তাৰ কোনো ক্ৰুটি ৰখা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজিকোপতি ভাৰতীয় দখলদাৰী বাহিনীৰ হাতত শিশু, যুৱক-যুৱতীৰ পৰা আবাল-বৃদ্ধ-বণিতালৈকে থলগিৰি জনগণ নির্যাতিত আৰু নিগৃহীত হৈ আহিছে।
এনে ৰাষ্ট্ৰসন্ত্ৰাসৰ আঁচলত ধৰি ক্রমবর্ধমান ভাৰতীয় আগ্রাসন আৰু সম্প্ৰসাৰণবাদী চৰিত্ৰই অসমীয়া জাতিৰ সাতামপুৰুষীয়া ঐতিহ্য-সংস্কৃতিৰ মৃত্যুমুখী যাত্রা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।” তদুপৰি যুৱ সাংবাদিক গৰাকীৰ নিজ ফেচবুকৰ পোষ্টত উল্লেখ কৰা অনুসৰি, “ঔপনিৱেশিক ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাটোৱে আমাৰ স্ব-ভূমিত থলগিৰী জনগণক বন্য জীৱ-জন্তুৰ দৰে আচৰণ কৰাৰ উপৰিও অসমৰ সকলো সম্পদ ভাৰতীয় পুঁজিপতি সকলে লুণ্ঠনৰাজ অব্যাহত ৰখাৰ পাছতো অসম দেশৰেই এজন থলগিৰী হিচাপে ভাৰতীয় চিন্তাৰ প্ৰবক্তা হ’বলৈ মোৰ বিবেকে কেতিয়াও অনুমতি নিদিয়ে। তথাকথিত সংবিধান নামৰ কিতাপখনৰ গণ্ডীত থাকি আমাৰ জাতি, আমাৰ দেশ (অসম)ৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ কেতিয়াও সুৰক্ষিত হ’ব নোৱাৰে। আইন আদালত ব্যৱস্থাও ভেকোভাওনাৰ বাহিৰে একো নহয়।”
তেখেতৰ সিদ্ধান্তক ভুল সিদ্ধান্ত বুলি যিসকলে সমালোচনা কৰিছে সেইসকলক তেওঁ প্ৰশ্ন কৰে যে, “হে সমাজৰ গুৰিধৰা পুৰুধা সকল, এনে বহু আইন কানুনৰ নামত জানো আমি উৎপীড়নৰ বলি হোৱা নাই? অসম ভূমিতেই জানো এনে আইনৰ ভয়-ভাবুকিত আমি উচ্ছেদিত হোৱা নাই? ঔপনিৱেশিক ভাৰতীয় তথা-কথিত সংবিধান খনে যদি আমাৰ অধিকাৰ ৰক্ষা কৰে তেনেহ’লে সেই অধিকাৰ উক্ত সংবিধান খনৰ শপত লোৱা সকলে প্ৰণয়ন কৰা আইনে কিয় খৰ্ব কৰিছে?
আমি যদি স্বাধীন দেশৰ নাগৰিক তেনেহ’লে সেই সংবিধান আৰু আইনৰ ৰখীয়া প্ৰশাসন আৰু ৰাষ্ট্ৰযন্ত্ৰই নিজৰেই দেশৰ লোকক কিয় হত্যা কৰে, আই-মাতৃ; বাই-ভনীক কিয় ধৰ্ষণ কৰে? কিয় অসমে তাৰ নিজ ভূমিত ৰাজনৈতিক, অৰ্থনৈতিক কিম্বা ভূমি অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে? কিয় অসমৰ থলগিৰি জনগণক বাৰে বাৰে ভাৰতীয়ই তাৰ বৈশ্যতা স্বীকাৰ কৰোৱাবলৈ বাধ্য কৰোৱাই? মই গ্ৰহণ কৰা এই পথ আপোনাসৱ বহুতেই ভুল বুলি ক’ব, যদি ভুলেই হয় তেন্তে আপোনাসৱে ৰাষ্ট্ৰযন্ত্ৰৰ সকলোবোৰ কূটীল ষড়যন্ত্ৰ প্ৰত্যক্ষ কৰিও কিয় মৌন?
আপোনালোকসৱৰ মৌনতা আৰু উদ্যোগহীনতাই আমাক এনে পথলৈ আগবঢ়াই দিয়া নাইনে? আপোনাসৱেই বৰ বৰ ভাষণ দিয়ে গণতান্ত্ৰিক আন্দোলন কিম্বা প্ৰতিবাদৰ ওপৰত, যদি আপোনাসৱ প্ৰকৃত গণতন্ত্ৰত বিশ্বাসী আৰু তথা-কথিত ভাৰত ৰাষ্ট্ৰও যদি প্ৰকৃততে গণতন্ত্ৰৰ আলয়, তেনেহ’লে সেই গণতন্ত্ৰক সৰোগত কৰি কিয় অসম-ভাৰত ৰাজনৈতিক সংঘাত দূৰ কৰিবলৈ আপোনাসৱে মাউখে মাত নামাতে? কাৰণ আপোনাসৱেও জানে যে ঔপনিৱেশিক ৰাষ্ট্ৰযন্ত্ৰৰ ন্যায়-বিচাৰত গণতান্ত্ৰিক প্ৰতিবাদ মূল্যহীন?
সেয়েহে, তথা-কথিত ভাৰতীয় গণতন্ত্ৰৰ বিপৰীতে সশস্ত্ৰ প্ৰতিবাদ অপৰিহাৰ্য্য৷ আমাৰ এই প্ৰতিবাদী যাত্ৰাক ভুল বুলি অভিহিত কৰাৰ আগত ওপৰত উল্লিখিত প্ৰশ্নকেইটা নিজক এবাৰ কৰিব বুলি আশা ৰাখিলোঁ৷” স্মৰ্তব্য, এটা সুকীয়া ভূখণ্ডৰ জনগণে কাৰো বৈশ্যতা স্বীকাৰ কৰি নলয় আৰু নোলোৱাটো স্বাভাৱিক৷ বৈশ্যতা স্বীকাৰ কৰাৰ কথাও নাহে৷ যিদৰে ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাটো পৰিচলনা কৰাত ভাৰতীয় সকলৰ অধিকাৰ আছে সেইদৰে অসমৰ থলগিৰি জনগণৰ তাৰ নিজৰ ভূখণ্ডৰ সাৰ্বভৌমত্বৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব আৰু অধিকাৰ আছে৷
এই অধিকাৰ থকাৰ সুবাদত স্বভাৱিকতে নিজৰ ভূখণ্ডক সুৰক্ষিত আৰু সাৰ্বভৌম কৰি ৰখাৰ চেষ্টা এই অঞ্চলৰ থলগিৰি জনগণৰ সদায় থাকিব৷ ভাৰতৰাষ্ট্ৰৰ ঔপনিৱেশিক শাসনৰ পৰা স্বদেশৰ মুক্তি, জাতিৰ প্ৰাপ্য অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ ঐতিহাসিক দায়িত্ব আৰু কর্তব্য পালন তথা মুক্তি বিপ্লৱ খন আগুৱাই নিবলৈ সশস্ত্ৰ সংগ্ৰামৰ পথ আমি বাচি ল’বই লাগিব। আমি জানো; ঔপনিৱেশিক ভাৰতীয় সামৰিক বাহিনীৰ সৈতে যুঁজ দি আমি আমাৰ জন্মগত অধিকাৰ সৰোগত কৰাটো সহজসাধ্য নহয়৷
তথাপিও আমি স্বদেশ-স্বজাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যুঁজিবই লাগিব৷ সেয়েহে, মই মোৰ আই-পিতাই, মৰমৰ পত্নী আৰু অতিকৈ আপোন একমাত্ৰ সন্তানটিক এৰি গুচি আহিলোঁ বিপ্লৱৰ পথত সহযোদ্ধা হ’বলৈ। হয়তো মোৰ পৰিয়ালে মোক ক্ষমা নকৰিব, মোৰ এই সিদ্ধান্তক আজি তেওঁলোকে বুজিব নোৱাৰিব। কিন্তু মোৰ সন্তানটিৰ দৰে লক্ষ লক্ষ অসমী আইৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ মোৰ এই ত্যাগ অপৰিহাৰ্য্য৷ চকুৰ সন্মুখতে মোৰ দেশ আৰু মোৰ জাতিক শেষ হৈ যাবলৈ দিব নোৱাৰি।
স্বদেশ-স্বজাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সশস্ত্ৰ সংগ্ৰামৰ বিকল্প পথ নাই। মোৰ সন্তানটি যিদৰে উঠি আহিছে সেইদৰে অসমী আইৰ আৰু বহু লক্ষ লক্ষ সন্তান উঠি আহিছে। সেই সন্তান সকলৰ ভৱিষ্যত পংগু হৈ পৰিবলৈ দিব নোৱাৰোঁ। আমাৰ হেৰুৱা স্বাধীনতা আমি টানি আজুৰি আনিবই লাগিব ন’হলে আমাৰ উত্তৰ প্ৰজন্মৰ আগত আমি অপৰাধ কৰা হ’ব বুলি যুৱ সাংবাদিক বিদ্যুৎ মহন্তই নিজৰ ফেচবুক পোষ্টত উল্লেখ কৰে।
শেষত নিজ পিতৃ-মাতৃ,পত্নী-সন্তান,বাইদেউ-ভিনদেউ,শিক্ষাগুৰু,বন্ধু-বান্ধৱৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ লগতে নিজ পুত্ৰৰ দৰে অসমী আইৰ উঠি অহা লক্ষ লক্ষ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ,অসমৰ থলগিৰী জনগণৰ ৰাজনৈতিক,অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ সশস্ত্ৰ সংগ্ৰামৰ বিকল্প নাই তথা স্বাধীন অসমৰ ভূমিতহে এয়া সম্ভৱ বুলি তেওঁ নিজৰ পোষ্টত উল্লেখ কৰে।