গুৱাহাটী, ১৬ জুন: অসম আৰক্ষীত পুনৰ ব্যাপক ৰদ-বদল । কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত),গায়ত্ৰী সোণোৱালক বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাবে নিযুক্তি দিয়া হৈছে ৷ শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ দেৱজিৎ নাথক ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদত (অপৰাধ) নিযুক্তি ৷ শোণিতপুৰৰ জামুগুৰিহাটৰ দ্বাদশ এপিবিএনৰ (APBN) চেকেণ্ডে কমাণ্ড পাপৰি চেতিয়াক ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাবে নিযুক্তি ৷
গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত (আৰক্ষী নিয়ন্ত্ৰণ কক্ষ) ইফতিকাৰ আলীক নগাঁওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) হিচাবে নিযুক্তি ৷ চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) প্ৰকাশ মেধিক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাবে নিযুক্তি ৷
ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) বিতুল চেতিয়াক এছটিএফৰ অধীনত অতিৰিক্ত আৰক্ষী অধীক্ষক (কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান) হিচাবে নিযুক্তি৷ বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) ৰশ্মি ৰেখা শৰ্মাক চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাবে নিযুক্তি দিয়া হৈছে ৷