Home / National / নিকৃষ্ট ! আৱৰ্জনাৰ সৈতে জ্বলাই দিলে নৱজাতকক

নিকৃষ্ট ! আৱৰ্জনাৰ সৈতে জ্বলাই দিলে নৱজাতকক

নেশ্যনেল ডেস্ক, ১১ জুনঃ ঝাৰখণ্ডৰ গধৱা জিলাত সংঘটিত হৈছে এক নৃশংস ঘটনা । মাজিয়ান অঞ্চলৰ স্থানীয় চিকিৎসালয়ৰ এগৰাকী এএনএম কৰ্মী আৰু ধাইয়ে আৱৰ্জনাৰ সৈতে জ্বলাই দিলে এটি নৱজাতকক ।

এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছত, স্বাস্থ্য বিভাগে অভিযুক্ত এএনএম (সহায়ক নাৰ্চিং মেইড) আৰু ধাইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । স্থানীয় ৰাইজে এই ঘটনাটোক তীব্ৰ গৰিহণা দিছে।

ঘটনা অনুসৰি মাজিয়ানৰ বাসিন্দা মধু দেৱী নামৰ এগৰাকী মহিলাক প্ৰসৱবেদনাৰ বাবে স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ পিছত তেওঁ এটি মৃত সন্তানৰ জন্ম দিছিল। ঘটনাস্থলীত উপস্থিত এএনএম আৰু ধাইগৰাকীয়ে আত্মীয়সকলক কয় যে জন্ম হোৱা শিশুটি মৃত শিশুক । আত্মীয়সকলে নৱজাতকৰ অন্তিম সংস্কাৰৰ বাবে প্ৰস্তুতি কৰিবলৈ বজাৰলৈ গৈছিল।

কিন্তু এএনএম, ধাই আৰু অন্যান্য স্বাস্থ্য কৰ্মীয়ে নৱজাতকটিক আৱৰ্জনাৰ সৈতে জ্বলাই দিয়ে।ভুক্তভোগী মহিলাগৰাকীৰ আত্মীয়ই কয় যে স্বাস্থ্য কেন্দ্ৰৰ কাষৰ এটা খাৱৈত আৱৰ্জনা জ্বলোৱা হৈছিল আৰু নৱজাতকৰ মৃতদেহটো খাৱৈত পেলাই দিয়া হৈছিল ফলত আৱৰ্জনাৰ সৈতে ইয়াক সম্পূৰ্ণৰূপে জ্বলি যায় মৃতদেহটো ।

বিষয়টো পোহৰলৈ অহাৰ পিছত, আত্মীয়সকলে স্বাস্থ্য কেন্দ্ৰত এক হুলস্থূলৰ সৃষ্টি কৰে । তেওঁলোকে কয় যে মৃত শিশুটোৰ মৃতদেহৰ কোনো তথ্য নিদিয়াকৈ জ্বলাই দিয়া হৈছে । ইয়াৰ পিছতে এতিয়া অভিযুক্তসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰ ব্যৱস্থা ।

Share to your Social Account
Tagged: