দাম বৃদ্ধিৰ জুই; এইবাৰ বাঢ়িল চাউল, আলু-পিঁয়াজৰ দাম

এমাহ পূর্বে প্রতি কিলোগ্রামত ৪০ টকা দামআছিল আইজং চাউলৰ। এতিয়া এই দাম হৈছেগৈ ঠাইভেদে ৪২-৪৫ টকা প্রতি কিলোগ্রামত।

Share to your Social Account

নিউজ ডেস্ক, ১০ জুনঃ স্মাৰ্ট মিটাৰ সংযোগৰ পাছত অভাৱনীয় হাৰত ৰাজ্যত বাঢ়িছে বিদ্যুতৰ মাছুল । ভূতৰ ওপৰত দানহ পৰাদি তাৰ মাজতে বাঢ়িছে চাউলৰ দাম। ৰঞ্জিত-পৰিমলৰ দৰে সাধাৰণ চাউলৰ পৰা ৰামপাল-আইজং পর্যন্ত প্রত্যেক ব্ৰেণ্ডৰ চাউলৰ দাম ব্যাপক হাৰত বাঢ়িছে ৷ তাৰ বাবে এতিয়া ভাত মুঠিৰ বাবেও হাহাকাৰ কৰিব লগীয়া হৈছে খাটি খোৱা ৰাইজে ।

নিয়মীয়া বাৰ্তা বাতৰি কাকতে চলোৱা এক সমীক্ষা মতে এমাহ পূর্বে প্রতি কিলোগ্রামত ৪০ টকা দামআছিল আইজং চাউলৰ। এতিয়া এই দাম হৈছেগৈ ঠাইভেদে ৪২-৪৫ টকা প্রতি কিলোগ্রামত। ঠিক একেদৰে ৰঞ্জিত-পৰিমল ব্ৰেণ্ডৰ চাউলৰ দাম আছিল প্রতি কিলোগ্ৰামত ৩০ টকা। এতিয়া ৩৫ টকা প্রতি কিলোগ্ৰামৰ দাম হৈছে। একেদৰে ৰাইজৰ মাজত অধিক জনপ্রিয় ব্লেণ্ড আৰহাম (উখোৱা) চাউল ৪২ টকাৰ পৰা একে কোবে ৪৭ টকা প্রতি কিলোগ্ৰামত উপলব্ধ হৈছে। সাধাৰণ চাউলৰ লগতে ৰাইজৰ মাজত অন্যতম জনপ্রিয় ৰামপাল ব্ৰেণ্ডৰ দাম প্রতি কিলোগ্ৰামত এমাহ পূর্বে আছিল ৬০ টকা। সেয়া একে কোবেই হ’লগৈ ৬৫ টকা।

ইফালে প্রায় এমাহ পূৰ্বলৈকে ১০০ টকা প্রতি কিলোগ্রামতউপলব্ধ হোৱা মণ্ড দাইলৰ দাম ১১০ টকালৈ বৃদ্ধি পালে। একেদৰে মচুৰ দাইল ৭৫ টকাৰ পৰা প্ৰতিকিলোগ্ৰামত হ’লগৈ ৮৪ টকা। ৰহৰ দাইল ১১০ টকাৰ পৰা একে কোবেই ১৫ টকা বৃদ্ধি হৈ প্ৰতিকিলোগ্রামত ১২৫ টকাকৈ বৰ্তমান বজাৰত উপলব্ধ হৈছে। শেহতীয়াকৈ কণীৰ দামো বাঢ়িছে। এমাহ পূর্বলৈকে ১২ টকাপ্রতিযোৰ কণীৰ দাম আছিল যদিও বর্তমান ১৪ টকা প্রতিযোৰত হৈছেগৈ। অর্থাৎ প্ৰতিটো কণীৰ দামএমাহৰ ভিতৰত ৬ টকাৰ পৰা একে কোবেই ১ টকা বৃদ্ধি হৈ ৭ টকা হৈছে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ হঠাৎ দাম বৃদ্ধিৰ সমান্তৰালভাৱে বাঢ়িছে আমিষ খাদ্যৰ বাবে অন্যতম উপাদান আদা, নহৰু, পিঁয়াজ আৰু আলুৰ দামো। যোৱা এমাহ পূৰ্বে আদাৰ পাইকাৰী মূল্য আছিল প্রতি কিলোগ্ৰামত ১০০ৰ পৰা ১২০ টকা।সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰত ঠাইভেদে আদাৰ মূল্য হৈছে প্রতি কিলোগ্ৰামত ১৮০ৰ পৰা ২০০ টকা পর্যন্ত । একেদৰে পিঁয়াজ আৰু আলুৰদাম পূৰ্বৰ তুলনাত কিছু বাঢ়িছে।

ৰাজ্যৰ বজাৰত বৰ্তমানে আগ্ৰা আৰু পশ্চিমবংগৰ পৰা অহা আলুউপলব্ধ হৈছে। কিছুদিন পূর্বলৈ প্রতি কিলোগ্রামত ১৫-১৭ টকাকৈ উপলব্ধ হোৱা বেংগল আলু এতিয়া২০ টকা হোৱাৰ লগতে আগ্ৰাৰ আলু ২২-২৫ টকা হৈছেগৈ। আদা-নহৰু আৰু আলুৰ পিছত এতিয়াপিঁয়াজেও ৰাইজক কন্দুৱাইছে। আমিষ-নিৰামিষ প্ৰতিটো ব্যঞ্জনৰ কাৰণে অত্যাৱশ্যকীয় পিঁয়াজ সম্প্রতি ৩০-৩৫ টকা প্রতি কিলোগ্ৰামত বজাৰত বিক্ৰী হৈছে। মুঠৰ ওপৰত এতিয়া দাম বৃদ্ধিৰ জুইয়ে জলাইছে ৰাজ্যবাসীক ।

Share to your Social Account