মহিলাৰ বিৰুদ্ধে তৰল মন্তব্য বীৰ লাচিত সেনাৰ নেতাৰ; ডুমডুমাত অভিশেষ বৰাক গ্ৰেপ্তাৰৰ দাবীৰে উত্তপ্ত পৰিস্থিতি

ৰূপাই চাইডিং বিজয় নগৰৰ একাংশ মহিলা নাৰী দেহ ব্যৱসায়িত জড়িত বুলি একাংশ পৰ্টেল চেনেলত কিছুদিন পূৰ্বে মন্তব্য কৰিছিল বিতৰ্কিত অভিশেষ বৰাই ।

Share to your Social Account

নিউজ ডেস্ক, ১৩ জুনঃ বীৰ লাচিত সেনা ডুমডুমা আঞ্চলিক সমিতিৰ সম্পাদক অভিশেষ বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলি শতাধিক মহিলাৰ পথ অৱৰোধ। ৰূপাই চাইডিং বিজয় নগৰৰ একাংশ মহিলা নাৰী দেহ ব্যৱসায়িত জড়িত বুলি একাংশ পৰ্টেল চেনেলত কিছুদিন পূৰ্বে মন্তব্য কৰিছিল বিতৰ্কিত অভিশেষ বৰাই ।

বৰাৰ মন্তব্যত বিজয় নগৰৰ মহিলা সকল ক্ষোভত ফাটি পৰে ৷ক্ষমা খোজিবলৈ বৰাক দাবী জনাই যদিও ক্ষমা খোজিবলৈ অমান্তি হোৱাত বৰাৰ বিৰুদ্ধে ডুমডুমা থানাত এজাহাৰ দাখিল কৰি অভিশেষ বৰাৰ গ্ৰেপ্তাৰৰ দাবী জনাই ৰূপাই চাইডিংত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অভিশেষ বৰাৰ গ্ৰেপ্তাৰৰ দাবী তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত মহিলা সকলৰ ।

ডুমডুমা থানাত মঙলবাৰে নেতাজনক গেপ্তাৰৰ দাবীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

Share to your Social Account