Home / Regional / Assam / খঁকোৱা আৰক্ষী; উৎকোচ লৈ ৰিজাৰ্ভ ক্ল’জ হ’ল মাজুলীৰ SI দ্বীপজ্যোতি কাকতি

খঁকোৱা আৰক্ষী; উৎকোচ লৈ ৰিজাৰ্ভ ক্ল’জ হ’ল মাজুলীৰ SI দ্বীপজ্যোতি কাকতি

নিউজ ডেস্ক, ১৩ জুনঃ মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ SI দ্বীপজ্যোতি কাকতিক তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল’জ । 29/23 নম্বৰত SI দ্বীপজ্যোতি কাকতিৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ । বৰ্তমান গড়মূৰ আৰক্ষী থানাত দ্বীপজ্যোতি কাকতিক জেৰা কৰি আছে শীৰ্ষ আৰক্ষী বিষয়াই ।

অভিযোগ অনুসৰি সোমবাৰে নিশা মাজুলীৰ এজন যুৱকক গণৰোষৰ পৰিছিল । পৰৱৰ্তী পৰ্যায়ত যুৱকজনক উদ্ধাৰ কৰি আৰক্ষীয়ে লৈ আহে থানালৈ। ইয়াৰ পাছতেই যুৱকজনক মুকলাই দিয়াৰ বাবদ যুৱকজনৰ পিতৃৰ পৰা ৫০০০ টকাৰ উৎকোচ বিচাৰে খঁকোৱা আৰক্ষী বিষয়া দ্বীপজ্যোতিয়ে ।

অৱশেষত যুৱকজনৰ পিতৃয়ে ৩০০ হেজাৰ টকা দিবলৈ পাৰি বুলি কোৱাত মান্তি হয় দ্বীপজ্যোতি কাকতি । কিন্তু টকা যোগাৰ নোহোৱাৰ বাবে যুৱকজনৰ পিতৃয়ে প্ৰথমে ১০০০ টকা প্ৰদান কৰে ।

ইয়াতে সন্তুষ্ট নহৈ যুৱকজনৰ মানি বেগৰ পৰা ৫০০ টকা বলপূৰ্বকভাৱে কাঢ়ি লয় ।‌ এই ঘটনাৰ পিছতেই ভুক্তভোগীয়ে দিয়া অভিযোগৰ ভিত্তিত দ্বীপজ্যোতি কাকতিক তাৎক্ষণিক ভাৱে ৰিজাৰ্ভ ক্ল’জ জেৰা অব্যাহত ৰাখিছে শীৰ্ষ আৰক্ষী বিষয়াই।

Share to your Social Account
Tagged: