মণিপুৰত ধ্বংস কাৰ্য চলোৱাৰ অপৰাধত দুই RAF জোৱানক নিলম্বন

প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত, চিআৰপিএফে উক্ত ঘটনাত এজন এছআই (SI) আৰু আৰএএফৰ (RAF) এজন কনিষ্টবলচিনাক্ত কৰিছে ৷

Share to your Social Account

নিউজ ডেস্ক, 14 জুনঃ মণিপুৰৰ ট্ৰেন্স-এছিয়ান ঘাইপথত ধ্বংসলীলা চলোৱাৰ অভিযোগত দুই আৰএএফ (Rapid Action Force) জোৱানক নিলম্বন ৷ মঙলবাৰে নিলম্বন কৰা হয় জোৱান দুগৰাকীক ৷ ভাইৰেল হোৱা এটা ভিডিঅ’ত Rapid Action Forceৰ নিয়োজিত জোৱানে ৰাজপথত ৰখাই থোৱা গাড়ীৰ কাঁচ ভঙা দৃশ্য পোহৰলৈ আহিছিল ৷

ইয়াৰ পিছতেই দুই জোৱানৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে ব্যৱস্থা ৷ প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত, চিআৰপিএফে উক্ত ঘটনাত এজন এছআই (SI) আৰু আৰএএফৰ (RAF) এজন কনিষ্টবলচিনাক্ত কৰিছে ৷ সেয়েহে এই দুই SI আৰু RAF-ৰ কনিষ্টবলক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে আৰু দুয়োৰে বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে ৷ নিলম্বনৰ সময়ছোৱাত, বেটেলিয়ন কমাণ্ডেণ্টৰ আগতীয়া অনুমতি অবিহনে দুয়োজন আৰএএফ জোৱানে মুখ্য কাৰ্যালয় এৰি যাব নোৱাৰিব ৷

Share to your Social Account