অসম আৰক্ষীত পুনৰ ৰদ-বদল

অসম আৰক্ষীত পুনৰ ৰদবদল ৷ শনিবাৰে ৰাজ্যৰ গৃহমন্ত্ৰালয়ে তিনিগৰাকী আৰক্ষী বিষয়াক ৰদবদল কৰাৰ কথা ঘোষণা কৰে ৷

Share to your Social Account

নিউজ ডেস্ক, ১০ জুন: অসম আৰক্ষীত পুনৰ ৰদবদল ৷ শনিবাৰে ৰাজ্যৰ গৃহমন্ত্ৰালয়ে তিনিগৰাকী আৰক্ষী বিষয়াক ৰদবদল কৰাৰ কথা ঘোষণা কৰে ৷ গৃহমন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনক গোলাঘাট জিলাৰ আৰক্ষী একাডেমীৰ অধীক্ষক হিচাবে বদলি ৷ বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙক ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে ৷ আনহাতে গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহ-মহাপৰি দৰ্শক শুভাশিষ বৰুৱাক বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক হিচাবে নিযুক্তি দিয়া হৈছে ৷ উল্লেখ্য যে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ গৃহ বিভাগে ৷

Share to your Social Account