মাটিৰ দালালৰ হেঁচাত যোৰহাটত অকালতে প্ৰাণ গ’ল RTI কৰ্মীৰ; ঘটনাক লৈ চাঞ্চল্য

নিউজ ডেস্ক, ১৫ ডিচেম্বৰঃ এজন আৰ টি আই কৰ্মীয়ে প্ৰাণ হেৰুৱাবলগা হোৱা এক ঘটনাই ৰাজ্য জোকাৰি গৈছে। মাটিৰ দালাল চক্ৰৰ ভয়-ভাবুকি তথা মানসিক নির্যাতনত গুৰুতৰভাৱে অসুস্থ হৈ প্ৰাণ হেৰুৱাবলগা হোৱা এই আৰ টি আই কর্মীগৰাকী হ’ল যোৰহাটৰ নাওশলীয়া গাঁৱৰ নিৰঞ্জন বৰা (৩৮)।

তেওঁ সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সহকাৰী সম্পাদক আছিল। বৰাৰ পৰিয়ালৰ অভিযোগমতে নিৰঞ্জন বৰাই ৰৰৈয়া বিমান বন্দৰ আৰু এ টি ৰোড সংযোগী ১৫৯ কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা এটা ফ’ৰলেন প্রায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ বাবে হোৱা ভূমি অধিগ্রহণ আৰু ক্ষতিপূৰণৰ পৰিমাণ জানিবলৈ বিচাৰি প্ৰায় তিনি মাহ পূর্বে লোকনির্মাণ বিভাগত এখন আবেদন দাখিল কৰিছিল৷

আনহাতে বৰাই সংবাদ মাধ্যমৰ ওচৰত এইবুলি অভিযোগ কৰিছিল যে ৰাজহ বিভাগ, ভূমি অধিগ্রহণ বিভাগ আৰু লোকনিৰ্মাণ বিভাগৰ একাংশ চৰম দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণৰ বাবদ চৰম অনিয়মেৰে বহু লোকে কোটি কোটি টকাৰ ক্ষতিপূৰ্ণ উলিয়াই নিছে।

কিন্তু বৰাই যোৱা তিনি মাহে তেওঁ দাখিল কৰা তথ্য জনাৰ আইনৰ আবেদনৰ কোনো উত্তৰ লাভ নকৰিলে। ইয়াৰ বিপৰীতে এই ভূমি অধিগ্রহণ কেলেংকাৰীত জড়িত থকা বুলি অভিযোগ কৰা গাঁৱৰে এটা মাটিৰ দালাল চক্ৰই তথ্য জনাৰ আবেদন দাখিল কৰা নিৰঞ্জন বৰাৰ বিৰুদ্ধে তীব্ৰ হেঁচা প্ৰয়োগ কৰে।

আনহাতে এজন শিক্ষক আৰু লাটমণ্ডল আদিৰে গঠিত এই দালাল চক্ৰটোৱে নিৰঞ্জন বৰাৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলাবলৈ লয়। তদুপৰি গাঁওখনত যোৱা সোমবাৰে এখন সভা অনুষ্ঠিত কৰি বৰাক চৰম ককৰ্থনা কৰে। তদুপৰি তথ্য জনাৰ আবেদন দাখিল কৰাৰ বাবে ভুল স্বীকাৰ কৰি গাঁওবাসীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈও মাটিৰ দালাল চক্রই নিৰঞ্জন বৰাক হেঁচা দিয়ে বুলি তেওঁৰ পৰিয়ালে অভিযোগ কৰে।

কিন্তু সেই কাম নকৰি সদায়েই সৎ পথত থকা নিৰঞ্জন বৰা নিজৰ স্থিতিত অটল হৈ থাকে। ইয়াৰ পাচতে নিৰঞ্জন বৰাৰ পৰিয়ালটোক গাঁওখনৰ একাংশই এঘৰীয়া কৰে। ইয়াত ক্ষান্ত নাথাকি মাটিৰ দালাল চক্ৰটোৱে নিৰঞ্জনৰ ভাতৃক ৰাজপতে অপদস্থ কৰে। তদুপৰি নিশা নিৰঞ্জনৰ বাসগৃহলৈ শিলগুটি দলিয়াই চৰম অত্যাচাৰ কৰিবলৈ লয়। ইয়াৰ ফলত মানসিকভাৱে ভাগি পৰে নিৰঞ্জন।

যোৱা মঙলবাৰে পুৱা ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰ্ণৰ ক্ষেত্ৰত ভয়ানক দুর্নীতি-অনিয়ম হোৱা বুলি উঠা অভিযোগৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কেইটামান টিভি চেনেলৰ সন্মুখত বক্তব্য ৰখা অৱস্থাতে হঠাতে ঢলি পৰে নিৰঞ্জন বৰা। ইয়াৰ পাচত তেওঁক লগে লগে এ জি নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু বৰাৰ সংজ্ঞা ঘূৰি নাহিল আৰু অৱস্থা অধিক সংকটজনক হৈ পৰে। ফলত তেওঁক কালি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। কিন্তু তাত তেওঁৰ ষ্ট্ৰ’ক হোৱা বুলি ধৰা পৰে। বৰাক ভেণ্টিলেচনত ৰখা হৈছিল যদিও আজি পুৱা 5.25 বজাত তেওঁৰ মৃত্যু হয়। ইয়াৰ লগে লগে যোৰহাটকে ধৰি সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নিৰঞ্জন বৰাৰ পৰিয়াল আৰু গাঁৱৰ একাংশ লোকে আজি স্পষ্টভাৱে অভিযোগ কৰে যে গাঁওখনৰে এজন বৰা উপাধিৰ প্ৰাথমিক শিক্ষক আৰু লাটমণ্ডলৰ নেতৃত্বত গঠিত মাটিৰ দালাল চক্ৰই তেওঁৰ ওপৰত ধাৰাবাহিকভাৱে চলোৱা মানসিক নিৰ্যাতনৰ বলি হৈ মানসিকভাৱে ভাগি পৰি ষ্ট্ৰকত আক্ৰান্ত হৈ কৰুণভাৱে প্ৰাণ হেৰুৱাবলগা হয়।

নিৰঞ্জন বৰাৰ পূৰ্বে উচ্চ ৰক্তচাপকে ধৰি কোনোধৰণৰ ৰোগ নাছিল বুলি জনাইছে পৰিয়ালৰ লোকে। উল্লেখ্য যে ৰৰৈয়া বিমান বন্দৰ আৰু যোৰহাট চহৰ সংযোগী ফ’ৰলেন নাওশলীয়া গাঁৱৰ পথ নিৰ্মাণৰ বাবে মুঠ ৭৮ টা পৰিয়ালৰ ভূমি অধিগ্ৰহণ কৰি কোটি কোটি টকাৰ ক্ষতিপূৰণ দিয়া হৈছে।

কিন্তু ঘৰ নথকা মানুহে ঘৰৰ ক্ষতিপূৰণ আদায় কৰা, আছাম টাইপ ঘৰৰ মানুহে আৰ চি চি ঘৰৰ ক্ষতিপূৰণ লাভ কৰা, দ পথাৰ আৰু হাবিতলীয়া ভূমিৰ বিপৰীতে অত্যধিক ক্ষতিপূৰণ দিয়া, অধিক বেচৰকাৰী মূল্যৰ ভূমিত কম মূল্য আদায় দিয়া আদি অগণন অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিক লগত লৈ এই দুর্নীতি-অনিয়মৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল নিৰঞ্জন বৰাই। কিন্তু মাটিৰ দালাল চক্ৰটোৰ মানসিক নিৰ্যাতনৰ বলি হৈ আজি পুৱা অকালতে ইহসংসাৰৰ পৰা বিদায় ল’লে সৎ, সাহসী নিৰঞ্জন বৰাই।

মৃত্যুৰ সময়ত তেওঁ এটি কন্যা সন্তান, পত্নী, মাতৃকে ধৰি এজন ভাতৃক ইহসংসাৰত এৰি থৈ গৈছে। আনহাতে আজি এক বিবৃতিযোগে চুতীয়া জাতি বিকাশ পৰিষদে এই ঘটনাত পশ্চিম যোৰহাট ৰাজহ চক্ৰৰ লাটমণ্ডল তীৰ্থ গোহাঁই আৰু নাওশলীয়া গাঁৱৰ পুলক বৰা নামৰ এজন শিক্ষক জড়িত বুলি অভিযোগ কৰিছে আৰু নাওশলীয়া গাঁৱৰ এই ভূমি অধিগ্ৰহণ কেলেংকাৰীৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোটৰ দ্বাৰা তদন্ত কৰাৰ দাবী জনাইছে।

তদুপৰি এই ঘটনাৰ সৈতে জড়িত প্রতিজন দোষী ব্যক্তিকে কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে চুতীয়া জাতি বিকাশ পৰিষদে আনহাতে নিৰঞ্জন বৰা নামৰ আৰ টি আই কর্মীগৰাকীৰ এনে মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে। এক বিবৃতিযোগে সংগঠনটোৱে আজি এই ঘটনাত জড়িত ব্যক্তিসকলক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰো দাবী জনাইছে অসম চৰকাৰক ।

Share to your Social Account