মণিপুৰত ইণ্টাৰনেট সেৱা পুনৰাম্ভ সন্দৰ্ভত দাখিল কৰা জৰুৰী আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে জাতিগত হিংসাৰ দ্বাৰা জোকাৰি মণিপুত বাৰে বাৰে ইণ্টাৰনেট সেৱা বন্ধ হোৱাৰ বিৰুদ্ধে মণিপুৰৰ দুজন বাসিন্দাই দাখিল কৰা জৰুৰী আবেদনৰ জৰুৰী গ্ৰহণ কৰাত অস্বীকাৰ কৰে ৷

Share to your Social Account

নিউজ ডেস্ক, 9 জুনঃ উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে জাতিগত হিংসাৰ দ্বাৰা জোকাৰি মণিপুত বাৰে বাৰে ইণ্টাৰনেট সেৱা বন্ধ হোৱাৰ বিৰুদ্ধে মণিপুৰৰ দুজন বাসিন্দাই দাখিল কৰা জৰুৰী আবেদনৰ জৰুৰী গ্ৰহণ কৰাত অস্বীকাৰ কৰে ৷

ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু ৰাজেশ বিন্দালৰ অৱকাশকালীন বিচাৰপীঠে কয় যে উচ্চ ন্যায়ালয়ে ইতিমধ্যে একে ধৰণৰ বিষয় সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আছে ৷ সেয়েহে এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কিয় প্ৰয়োজন বুলি প্ৰশ্ন কৰে ৷

‘‘উচ্চ ন্যায়ালয়ে বিষয়টোৰ শুনানি গ্ৰহণ কৰি আছে ৷ একেই প্ৰক্ৰিয়াবোৰ পুনৰাবৃত্তি কৰাৰ প্ৰয়োজনীয়তা কি? বিচাৰপীঠে কয় ৷ উল্লেখ্য যে অধিবক্তা শাদান ফাৰাছাতে জৰুৰী শুনানি বিচাৰি বিচাৰপীঠৰ সন্মুখত বিষয়টো উল্লেখ কৰিছিল ৷

আবেদনখনত কোৱা হৈছিল যে বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সাংবিধানিক অধিকাৰ ৷ এই সাংবিধানিক অধিকাৰত হস্তক্ষেপ কৰাটো গ্ৰহণযোগ্য নহয় ৷

আবেদনখনত ইণ্টাৰনেট কৰ্তনে বাণিজ্যিক ক্ষেত্ৰটো প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰা হৈছে ৷ উল্লেখ্য যে মণিপুৰ চৰকাৰে পুনৰ ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা ১০ জুনলৈ বৃদ্ধি কৰিছিল ।

Share to your Social Account