Home / Regional / Assam / আজৱ! আচৰিত! পৰীক্ষা বাতিল কৰি গুৱাহাটীৰ ৩১ খন বিদ্যালয়ৰ শিক্ষকক অম্বুবাচীৰ দায়িত্ব

আজৱ! আচৰিত! পৰীক্ষা বাতিল কৰি গুৱাহাটীৰ ৩১ খন বিদ্যালয়ৰ শিক্ষকক অম্বুবাচীৰ দায়িত্ব

নিউজ ডেস্ক, ১৪ জুনঃ শক্তিপীঠ মা কামাখ্যা ধামত ২২ জুৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা। দেশ-বিদেশৰ ভক্ত-দর্শনার্থীয়ে ভিৰ কৰিবলগীয়া কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাক লৈ চৰকাৰ-প্ৰশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। কিন্তু নীলাচল পাহাৰৰ অম্বুবাচী মেলাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ কামৰূপ মহানগৰ জিলা প্রশাসনে গুৱাহাটীৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানকে ছাত্ৰ-ছাত্ৰীৰ মাজত উক্ত দিনকেইটাত পৰীক্ষা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰি আজৱ নিৰ্দেশনা জাৰি কৰিছে ।

ইয়াৰ মাজতে আন এটা আজৱ নিৰ্দেশনাৰ বাবে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰৰ আনটো আজৱ নির্দেশনা হৈছে— কামৰূপ মহানগৰৰ জিলা চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকসকলে পৰীক্ষা তথা পাঠদান বন্ধ কৰি অম্বুবাচীৰ কামত জড়িত হব লাগিব।

অম্বুবাচী মেলাৰ দায়িত্ব পালনৰ বাবে গুৱাহাটীৰ ৩১খন শিক্ষানুষ্ঠানৰ শিক্ষক তথা মুৰব্বীলৈ শিক্ষা বিভাগৰ ফালৰ পৰা জাননীও জাৰি কৰা হৈছে। জিলা বিদ্যালয় পৰিদৰ্শকে এটা নির্দেশনাযোগে নির্দিষ্ট প্রতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা৫জনকৈ আৰু হাইস্কুলসমূহৰ পৰা ৩জনকৈ শিক্ষকে অম্বুবাচীৰ কাৰ্যসূচীত দায়িত্ব পালন কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে। অর্থাৎগুৱাহাটী মহানগৰীৰ পৰিসীমাৰ ভিতৰত থকা প্ৰতিখন হাইস্কুল তথ উচচতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকেই অম্বুবাচীত অতিৰিক্ত দায়িত্বপালন কৰিব লাগিব।

Share to your Social Account
Tagged: