জোনমণিক পাহৰিল; ৰাইজ এতিয়া ব্যস্ত বিশ্বজিৎ দৈমাৰীক লৈ

ৰাইজক গছৰ তলত আশ্ৰয় লৈ আদিম যোগলৈ ঘূৰি যাবলৈ উপদেশ দিয়া বিশ্বজিৎ দৈমাৰীৰ ঘৰত আছে ২২ টা AC । এখন দৈনিক অসমীয়া বাতৰি কাকতত এই খবৰ‌ প্ৰকাশ পোৱাৰ পাছতে এতিয়া সকলোৱে চৰ্চা কৰিছে তেওঁৰ ঘৰত থকা শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ প্ৰসংগ ।

Share to your Social Account

নিউজ ডেস্ক, ৮ জুনঃ ৰাজ্য কঁপোৱা এছ আই জোমমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত এতিয়াও CBIয়ে লোৱা নাই । খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে এই কথা ।‌ কিছুদিন পূৰ্বলৈকে সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ কাৰণ হৈ পৰিল জোনমণিৰ মৃত্যুৰ তদন্ত ।

কিন্তু এতিয়া সামাজিক মাধ্যমৰ‌ লগতে সংবাদ মাধ্যমতো বিশেষ স্থান নোপোৱা হ’ল জোনমণিৰ মৃত্যুৰ বিষয় । এইবাৰ ৰাইজ চৰ্চাত নামিছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ তৰল মন্তব্যত ।‌‌ উল্লেখ্য যে ৰাইজক বৰ্ধিত বিদ্যুৎ মাচুলৰ পৰা পৰাত্ৰাণ পাবলৈ জগৰ তলত আশ্ৰয় ল’বলৈ উপদেশ দিছিল দৈমাৰীৰ ।

এই মন্তব্য কৰি সামাজিক মাধ্যমত ব্যাপক ট্ৰ’লৰ সন্মুখীন হ’ল বিশ্বজিৎ দৈমাৰী। বিভিন্ন জনে প্ৰকাশ কৰিলে বিভিন্ন মন্তব্য। আনহাতে শাসকীয় বিজেপিৰো বিধায়কে বিৰোধিতা কৰি দৈমাৰীৰ মন্তব্যৰ। এনে প্ৰেক্ষাপটতে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে দৈমাৰীৰ বাসগৃহত তথা ACৰ হিচাপৰ প্ৰসংগ।

ৰাইজক গছৰ তলত আশ্ৰয় লৈ আদিম যোগলৈ ঘূৰি যাবলৈ উপদেশ দিয়া বিশ্বজিৎ দৈমাৰীৰ ঘৰত আছে ২২ টা AC । এখন দৈনিক অসমীয়া বাতৰি কাকতত এই খবৰ‌ প্ৰকাশ পোৱাৰ পাছতে এতিয়া সকলোৱে চৰ্চা কৰিছে তেওঁৰ ঘৰত থকা শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ প্ৰসংগ ।

স্বাভাৱিকতেই এগৰাকী জনপ্ৰতিনিধিৰ মুখত ৰাইজক উদ্দেশ্যি কৰা তৰল মন্তব্য শোভা নাপায় । কিন্তু ৰাইজে মূল বিষয়বস্তুৰ ফালৰি কাটি এনে মন্তব্য চৰ্চা কৰাৰ প্ৰয়োজন কি ? জোনমণি ৰাভাৰ মৃত্যুৰ কথা পাহৰিলে নেকি ৰাইজৰ ।

নিজৰ গৃহ বিভাগটোৰ ব্যৰ্থতা ঢাকিবলৈ হিমন্ত বিশ্ব শৰ্মাই ইচ্ছ্যু ডাইভাৰ্টৰ বাবে শেহতীয়াকৈ বিভিন্ন কাম কৰিছে । তাতেই হাত উজান দিছে অসমৰ ৰাইজে । জোনমণি ৰাভাৰ এতিয়া গৌণ হ’ল, এতিয়া চৰ্চা কৰিব লাগিব বিশ্বজিতৰ কথা ।

Share to your Social Account