তিনিচুকীয়াত ADGP হিৰেণ নাথ-DIG বিবেক ৰাজ সিঙৰ বাহৰ; উজনিৰ আইন-শৃংখলা সন্দৰ্ভত পৰ্যালোচনা

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ তিনিচুকীয়া বাহৰ পাতিছে অসম আৰক্ষীৰ বিশেষ শাখাৰ ADGP হিৰেণ নাথ আৰু আইন শৃংখলা শাখাৰ DIG বিবেক ৰাজ সিঙে৷

তিনিচুকীয়া আৰক্ষীৰে উজনি অসমৰ নিৰাপত্তা, আইনশৃংখলাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰিছে ADGP হিৰেণ নাথে৷

শদিয়া আৰক্ষী জিলাত নিৰাপত্তা আৰু আইনশৃংখলাৰ ওপৰত শদিয়া আৰক্ষীৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ ল’ব DIG বিবেক ৰাজ সিঙে৷ বৈঠকত উপস্থিত আছে উজনিৰ IGP জিৎমল দলেও৷

উল্লেখ্য যে, শেহতীয়াকৈ উজনি অসমৰ তিনিচুকীয়া আৰু শিৱসাগৰত আলফা স্বাধীনে গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংঘটিত কৰে । সমান্তৰালভাৱে সাংবাদিককে ধৰি উজনি অসমৰ কেইবাগৰাকীও যুৱকে ইতিমধ্যেই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোত যোগদান কৰিছে ।

এনে পৰিস্থিতিত উজনি অসমৰ আইন শৃংখলাৰ দিশটোত বিশেষ গুৰুত্ব দিছে অসম আৰক্ষীয়ে ।

Share to your Social Account