তিনিচুকীয়া মাকুমৰ বেতজান চাহ বাগিচাত অঘটন; এগৰাকী মহিলাক শিৰচ্ছেদ

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ তিনিচুকীয়া মাকুমৰ বেতজান চাহ বাগিচাত চাহ বাগিছাৰ ৪ নং লাইনত পুৱা চাহ পাত ছিঙি থকা অৱস্থাত এগৰাকী মহিলাক শিৰচ্ছেদ কৰে এজন যুৱকে৷

মৃত মহিলাগৰাকী ঘৰ বেতজান চাহবাগিছাৰ ৬ নং লাইনৰ ববিতা ভূঞা ৷ বাগিছা খনৰ একে লাইনৰে দীপক বৰাইক নামৰ যুৱকজনে কৰ্মৰত অৱস্থাত কলম দাৰে ডিঙি কাটি মহিলা গৰাকীক হত্যা কৰে ৷

ইতিমধ্যে হত্যাকাৰী দীপক বৰাইকে মাকুম থানাত হাজিৰ হৈছে৷ ঘটনা স্থলীৰ পৰা মাকুম আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে৷

হত্যাকাৰী দীপক বৰাইকে কি কাৰণত এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে বৰ্তমান জানিব পৰা হোৱা নাই।

Share to your Social Account