শদিয়াৰ তিনি যুৱক গুলীবিদ্ধ হোৱা ঘটনাক ভুৱা সংঘৰ্ষ আখ্যা আলফা স্বাধীনৰ
![](https://updatenowne.in/wp-content/uploads/2023/12/82-1024x576.jpg)
নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ শদিয়া আৰক্ষীয়ে তিনিগৰাকী যুৱকক গুলীবিদ্ধা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে । এক বিবৃতিযোগে সংগঠনটোৱে কয়, “অসম আৰক্ষীয়ে আজি যিকেইগৰাকী যুৱকক ভুৱা সংঘৰ্ষত গুলীয়াই আহত কৰিলে, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সৈতে তেওঁলোকৰ কোনোধৰণৰ যোগাযোগ নাছিল ৷”
“আমি পোৱা তথ্য মতে উক্ত যুৱক কেইগৰাকীয়ে অৰুণাচলৰ ডামবুকত বনভোজ খাবলৈ গৈ চৰকাৰ-প্ৰশাসনৰ কেতবোৰ ভুল সিদ্ধান্তত মনোকষ্ট পাই [যুৱক কেইগৰাকী ঠিকাভিত্তিক অসম ৰাজ্যিক পৰিবহন নিগমত কৰ্মৰত আছিল, কিন্তু চৰকাৰে তেওঁলোকক কৰ্মৰ পৰা বাধ্যতামূলকভাৱে অব্যাহতি দিছিল] অত্যাধিক মদ্যপান কৰি অসুস্থাৱস্থাত পৰিয়ালক কিছু কথা কৈছিল ৷ তৎক্ষণিকভাৱে পৰিয়ালে আৰক্ষীক খবৰ দিয়ে আৰু অসম আৰক্ষীয়ে যুৱক কেইগৰাকী বুজনি দিয়াৰ পৰিবৰ্তে তেওঁলোকক গুলীবিদ্ধ কৰে ৷”
“অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশত অসম আৰক্ষীয়ে নিজ ইচ্ছামতে নিৰীহ যুৱকক “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সৈতে জড়িত কৰোৱাই ভুৱা সংঘৰ্ষ [Encounter]ৰে গুলীবিদ্ধ কৰাটো এতিয়া এক অঘোষিত প্ৰতিযোগীতালৈ পৰ্য্যবসিত হৈছে ৷ এই প্ৰতিযোগীতাই যে অসমলৈ এক অশনি সংকেত নমাই আনিছে ইয়ো সত্য ৷ গতিকে ইয়াক আমাৰ লগতে অসমৰ থলগিৰি জনগণে সহজভাৱে লব নোৱাৰে ৷”
“আমি জানো, অসম আৰক্ষীত কৰ্মৰত আশী শতাংশ বিষয়া/সদস্যৰ অসমৰ প্ৰতি ভালপোৱা আছে ৷ বাকী বিছ শতাংশই কেৱল ক্ষমতা আৰু কেইটামান টকাৰ লোভত অসমৰ বুৰঞ্জীক জ্বলাঞ্জলি দি দিল্লীৰ দ্বাৰা প্ৰেৰিত বিষয়াক তৈলমৰ্দ্দন কৰিবলৈ গৈ এনেধৰণৰ কু-কৰ্ম সংঘটিত কৰি আহিছে; ই অতিকে ঘৃনণীয় আৰু অসমৰ বুৰঞ্জীয়ে ইয়াক কেতিয়া পাহৰিব নোৱাৰে ৷ গতিকে এই আশী শতাংশ ভাল বিষয়া/সদস্যই বাকী সকলক বুজনি দিয়াৰ লগতে সতৰ্ক কৰি দিয়াৰ প্ৰয়োজন আহি পৰিছে ৷”
“অসম বুৰঞ্জী সাক্ষী আছে যে, আহোম প্ৰশাসনৰ দিনৰ পৰা দিল্লীয়ে অসমৰ থলগিৰিৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা চলাই আহিছে ৷ ব্ৰিটিছৰ দিনটো তাৰ ব্যতিক্ৰম হোৱা নাছিল ৷ ঔপনিৱেশিক ভাৰতৰ বিভিন্ন শ্ৰেণীৰ বিষয়াই অসমত ভাতৃঘাতী সংঘৰ্ষৰ সোৱাদ লৈ এতিয়া পুনৰ সেই আখৰাত ব্যস্ত ৷ যিসকল বহিৰাগত বিষয়াৰ নিৰ্দেশত থলগিৰি আৰক্ষীয়ে এই ধৰণৰ কাৰ্য্যকলাপবোৰ কৰি আছে সেইসকল বহিৰাগতই এটা সময়ত নিজ দেশলৈ উভতি যাব আৰু আপোনালোক আজীৱন অসমতেই থাকি এদিন নিজৰেই কাঠগৰাত নিজে জবাবদিহি হ’ব লাগিব ৷”
“উল্লেখ্য, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে পূৰ্বৰ সিদ্ধান্তৰ কথা ভাবি এতিয়াও সংযম হৈ আছে ৷ আমাক আমাৰ ধৈৰ্য্যৰ বান্ধ চিঙি যোৱালৈ পৰীক্ষা নলব ৷ কিয়নো সেই পৰিস্থিতি উদ্ভৱ হ’লে অসম আৰক্ষীত কৰ্মৰত বিছ শতাংশ বেয়া ব্যক্তিতকৈ আশী শতাংশৰ ভাল ব্যক্তি মৃত্যুৰ মুখত পৰিব ৷ আনহাতে, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সেনানী সকলে মৃত্যুলৈ ভয় নকৰে ৷ মৃত্যুঞ্জয়ী হৈহে আমি স্বদেশ আৰু স্বজাতিৰ মুক্তিৰ বাবে পণ কৰিছোঁ ৷”
“এনে সংঘাতে কোনো পক্ষকে লাভান্বিত নকৰে ৷ সেয়েহে; যিসকলে এই ভুৱা সংঘৰ্ষ [Encounter]ৰ ৰূপ দি আহিছে তেওঁলোকক অন্তিম বাৰলৈ সাৱধান কৰি দিয়া হৈছে যাতে এই অঘোষিত প্ৰতিযোগীতা ইমানতে সামৰণি মাৰক লগতে অসমৰ থলগিৰি জনগণেও ইয়াৰ বিৰুদ্ধে সদলবলে ওলাই আহক ৷ অন্যথা অসমৰ অনাকাংক্ষিত পৰিৱেশ-পৰিস্থিতিৰ বাবে সকলোৱে সমানে দায়ী হ’ব লাগিব ৷”