তিনিচুকীয়া জিলাৰ টঙনা চাহ বাগিছাত শ্ৰমিকৰ মৃত্যু কলেৰা-গ্ৰহণী জনিত নহয়: জিলা আয়ুক্ত      

 তিনিচুকীয়া, ২৩ মে’: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনা চাহ বাগিছাৰ ১১ জন শ্ৰমিকৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ কলেৰা বা গ্ৰহণী জাতীয় ৰোগ নহয় বুলি জিলা আয়ুক্ত স্বপ্নীল পালে আজি স্পষ্ট কৰি দিছে। বিশেষজ্ঞ চিকিৎসকৰ বিস্তৃত অনুসন্ধানৰ পিছত আজি আয়োজন কৰা এখন সংবাদ মেলত তেওঁ এই কথা প্ৰকাশ কৰি কয় যে,  চিকিৎসকৰ পৰা লাভ কৰা তথ্য অনুসৰি ইয়াৰ এজনৰো ক্ষেত্ৰত কলেৰা ৰোগৰ কোনো লক্ষণ নাছিল আৰু মাত্ৰ দুজনৰ ক্ষেত্ৰতহে সামান্য পৰিমানৰ গ্ৰহণীৰ লক্ষণ দেখা গৈছিল। 

উল্লেখযোগ্য যে বিগত  এসপ্তাহৰ ভিতৰত টঙনাগাওঁ চাহ বাগিচাত এঘাৰজনকৈ শ্ৰমিকৰ কলেৰা ৰোগত মৃত্যু হোৱা বুলি অসম চাহ জনজাতি ছাত্ৰ সন্থাই  উত্থাপন কৰা অভিযোগকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল। আজি জিলা আয়ুক্তই আজি বিষয়টোৰ  সন্দৰ্ভত এখন সংবাদ মেলৰ আয়োজন কৰি কয় যে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)ৰ পৰা লাভ কৰা পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি জিলা  আয়ুক্ত গৰাকীয়ে সেয়া নসাৎ কৰে ৷

চাহ বাগিচাখনত কলেৰা ৰোগত মৃত্যু হোৱাৰ বাতৰি প্ৰচাৰ হোৱাৰ পুৰ্বে প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে ১২ মে’ৰ দিনা ডায়েৰীয়া ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই স্বাস্থ্য বিভাগৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচীৰ (আই ডি এচ পি) এটি দলক পঠিয়াই যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷

আনহাতে ১১ জনকৈ শ্ৰমিকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছত স্বাস্থ্য বিভাগৰ দলে প্ৰতিটো পৰিয়াললৈ গৈ পুংখানুপুংখকৈ তথ্য সংগ্ৰহ কৰি তেওঁলোকৰ মৃত্যুৰ কাৰণ উলিওৱাত ব্যস্ত হৈ পৰিছিল বুলি জিলা আয়ুক্তই অৱগত কৰে ৷ উক্ত ১১ জনৰ ভিতৰত ৯ জনৰ উচ্চ ৰক্তচাপ, যকৃতৰ ৰোগ, গেষ্ট্ৰিক আৰু আন কাৰণত মৃত্যু হোৱাৰ বিপৰীতে মাত্ৰ দুজনৰ আংশিক ডায়েৰীয়া হৈছিল বুলি জনাইছে ৷

ইতিমধ্যে চাহ বাগিচা অঞ্চলত কৰ্মৰত আশা কৰ্মীসকলকো সমগ্ৰ বিষয়ত দৃষ্টি দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু প্ৰতিগৰাকী আশা কৰ্মীৰ হাতত সজুলি প্ৰদান কৰি ৰক্তচাপ পৰীক্ষাও কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে ৷ ৰাইজে কৰা অভিযোগৰ বাবে উক্ত অঞ্চলত প্ৰস্তুত কৰা অবৈধ চুলাই ভাতিৰ  প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ আৱকাৰী বিভাগক নিৰ্দেশ দিয়া হৈছে আৰু আজি পুৱাই অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ ইয়াৰ ইয়াক প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰা হৈছে। বুলিও সংবাদ মেলত জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷

একেদৰে স্বাস্থ্য পৰীক্ষাৰ বাবে বিভাগৰ তৰফৰ পৰা বিশেষ শিবিৰৰ ব্যৱস্থাও কৰা হৈছে ৷ যিকোনো সংক্ৰমণ হ’ব পৰা ৰোগ সম্বন্ধে কোনো লোকে অৱগত হ’লে শীঘ্ৰে হেল্পলাইন নম্বৰ ৬৯০০৯১১৪৬৫-ত যোগাযোগ কৰিবলৈকো আহ্বান জনোৱা হৈছে ৷

আনহাতে জিলা আয়ুক্ত গৰাকীয়ে এইকেইদিন গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে নিজকে সুস্থ ৰাখিবলৈ ৰাইজক খাদ্য গ্ৰহণ কৰোতে সাৱধান হ’বলৈকো আহ্বান জনাইছে ৷ আজিৰ সংবাদ মেলত অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) চিন্ময় পাঠক, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জয়ন্ত ভট্টাচাৰ্য্য উপস্থিত থাকে ৷

Share to your Social Account