স্পৰ্টছ ডেস্ক, ৮ জুনঃ ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ অধ্যক্ষ ব্ৰীজ ভূষণৰ শৰন সিঙৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। যাক লৈ অব্যাহত আছে প্ৰতিবাদ ।
ইয়াৰ মাজতে এগৰাকী মহিলা মল্লযোদ্ধাৰ পিতৃৰ ভাষ্যই ঘটনাক দিছে অন্য এক মোৰ । ৫ জুনত নতুন দিল্লীত দণ্ডাধীশৰ সন্মুখত নতুন বিবৃতি ৰেকৰ্ড কৰা মল্লযোদ্ধাগৰাকীৰ পিতৃয়ে কয় যে ব্ৰীজ ভূষণে তেওঁৰ কন্যাক যৌন নিৰ্যাতন চলোৱা নাছিল।
মল্লযোদ্ধাগৰাকীৰ পিতৃয়ে কয় যে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ক্ষোভিত হৈহে তেওঁৰ কন্যাই অভিযোগ উত্থাপন কৰিছিল । কাৰণ তেওঁৰ কন্যা মহিলা এছিয়ান চেম্পিয়নশ্বিপৰ বাবে যোৱা বছৰৰ পৰীক্ষণৰ ফাইনেলত পৰাজিত হৈছিল।লগতে তেওঁ কয় যে তেওঁলোকে পূৰ্বৰ অভিযোগটো প্ৰত্যাহাৰ কৰা নাই, বৰঞ্চ নতুন বিবৃতি লিপিবদ্ধ কৰিছে ।
“মই মোৰ বিবৃতি সলনি কৰিছো। কিছুমান অভিযোগ সঁচা আছিল আৰু কিছুমান মিছা আছিল। ব্ৰীজ ভূষণে মোৰ ছোৱালীক যৌন নিৰ্যাতন কৰা নাছিল কিন্তু তেওঁৰ দৃষ্টিভংগী তাইৰ বিৰুদ্ধে পক্ষপাতদুষ্ট আছিল… মই ভাবুকিপূৰ্ণ ফোন পাইছিলো কিন্তু মই তেওঁলোকৰ নাম প্ৰকাশ নকৰো। মই মোৰ ছোৱালীৰ খৰচ বহন কৰিবলৈ মোৰ ঘৰটো বিক্ৰী কৰিছিলো। কাৰো প্ৰভাৱ অবিহনে, মই মোৰ বক্তব্য পুনৰ ৰেকৰ্ড কৰিছিলো,” মহিলা মল্লযোদ্ধাৰ গৰাকীৰ পিতৃয়ে কয় ।”
ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আমাৰ কোনো বিদ্বেষ নাই। আমি ৫ জুনত নতুন বিবৃতি ৰেকৰ্ড কৰিছিলো আৰু আমি আমাৰ আগৰ কেইটামান বিবৃতি সলনি কৰিছিলো। মই এজনী ছোৱালীৰ দেউতাক, আৰু মই এই যুঁজত জড়িত হ’ব নিবিচাৰো। মই অভিযোগটো প্ৰত্যাহাৰ কৰা নাছিলোঁ কিন্তু নতুন বিবৃতি লিপিবদ্ধ কৰিছিলো। খঙত আমি কিছুমান মিছা অভিযোগ উত্থাপন কৰিছিলো, আৰু মোৰ ছোৱালীয়ে কিছুমান সমস্যাৰ সন্মুখীন হৈছিল কিন্তু এজাহাৰত উল্লেখ কৰা সকলোবোৰ সঁচা নাছিল,” তেওঁ লগতে কয়।
ব্ৰীজ ভূষণৰ বিৰুদ্ধে চৰকাৰে ১৫ জুনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াৰ পাছতে মহিলা মল্লযোদ্ধাগৰাকীৰ পিতৃৰ ভাষ্যই এতিয়া বহু প্ৰশ্নৰেই উদ্বেগ ঘটাইছে ।