চৰকাৰী কৰ্মচাৰীৰ দৰমহা মাহেকীয়াকৈ বৃদ্ধি পোৱাৰ বাবে বিদ্যুতৰ দাম বাঢ়িছে-পীযুষ

বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই । হাজৰিকাই কয়,”চৰকাৰী কৰ্মচাৰীৰ দৰমহা যিহেতু প্ৰতিমাহে ২০০-৩০০ কৈ বাঢ়ে গতিকে বিদ্যুতৰ বিল বাঢ়িব ।”

Share to your Social Account

নিউজ ডেস্ক, ৯ জুনঃ

উৎকট গৰমে দিছে ৰাজ্যবাসীক । তাৰ মাজতে বৰ্ধিত বিদ্যুৎ মাচুলেৰে ৰাইজক মাধমাৰ দিছে চৰকাৰে । এনে প্ৰেক্ষাপটত চৰকাৰ তথা বিদুৎ বিভাগৰ প্ৰতি ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাই । বৰ্ধিত বিদ্যুৎ মাচুল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ এইবাৰ আচৰিত মন্তব্য কৰিছে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাই ।

নন্দিতা গাৰ্লোছাৰ মতে ৰাজ্যত বৃদ্ধি পোৱা নাই বিদ্যুতৰ মাচুল। তেওঁ কয়‌, “এইবাৰ গৰমৰ বাবে এই চাহিদা অতিৰিক্ত ৪০০-ৰ পৰা ৫০০ মেগাৱাট পৰ্যন্ত বৃদ্ধি পাইছে ৷ এনেয়ে স্বাভাৱিক অৱস্থাত অসমে দৈনিক ১৪০০-১৫০০ মেগাৱাট পৰ্যন্ত বিদ্যুৎ চুবুৰীয়া ৰাজ্যৰপৰা কিনিবলগীয়া হয় ৷ কিন্তু প্ৰচণ্ড গৰমৰ প্ৰকোপৰ বাবেই অসম চৰকাৰে এতিয়া দৈনিক ১৪০০-১৫০০ মেগাৱাটৰ সলনি ২০০০-২১০০ মেগাৱাট পৰ্যন্ত বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হৈছে ।”

বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰে নলয়, নিয়ামক আয়োগে লয় বুলিও কয় মন্ত্ৰীগৰাকীয়ে । এইদৰেই এতিয়া খোদ বিভাগীয় মন্ত্ৰীয়ৈই নিয়ামক আয়োগলৈ বল‌ ঠেলি ৰাইজৰ প্ৰশ্নৰ‌ পৰা পলায়ন কৰিব বিচাৰিছে ।

ইফালে বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই । হাজৰিকাই কয়,”চৰকাৰী কৰ্মচাৰীৰ দৰমহা যিহেতু প্ৰতিমাহে ২০০-৩০০ কৈ বাঢ়ে গতিকে বিদ্যুতৰ বিল বাঢ়িব ।”

Share to your Social Account