Home / National / লোকসভা নিৰ্বাচনৰ পূৰ্বে NCPত ডাঙৰ সলনি; সুপ্ৰিয়া চুলে আৰু প্ৰফুল পেটেলক কাৰ্যকৰী সভাপতি নিযুক্তি

লোকসভা নিৰ্বাচনৰ পূৰ্বে NCPত ডাঙৰ সলনি; সুপ্ৰিয়া চুলে আৰু প্ৰফুল পেটেলক কাৰ্যকৰী সভাপতি নিযুক্তি

নিউজ ডেস্ক, ১০ জুনঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে NCP দলত এটা ডাঙৰ আলোড়ন দেখা দিছে । শনিবাৰে এনচিপিত এটা ডাঙৰ পৰিৱৰ্তন কৰা হৈছে। সুপ্ৰিয়া চুলে আৰু প্ৰফুল পেটেলক এনচিপিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে। সুপ্ৰিয়া চুলে দলৰ মুৰব্বী শৰদ পাৱাৰৰ কন্যা।

শেহতীয়াকৈ শৰদ পাৱাৰে দলৰ মুৰব্বীৰ দায়িত্ব এৰি দিয়াৰ কথা ঘোষণা কৰিছিল। অৱশ্যে, দলীয় নেতাসকলৰ অনুৰোধৰ পিছত, তেওঁ তেওঁৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে। এতিয়া হাইকমাণ্ডে দলটোত দুজন নতুন কাৰ্যকৰী সভাপতি নিৰ্বাচিত কৰিছে ।

এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে কয়, “আমি সকলোৱে এনচিপিক শক্তিশালী কৰিবলৈ কাম কৰিব লাগিব। প্ৰফুল পেটেল আৰু সুপ্ৰিয়া চুলেক ৱৰ্কিং কমিটিৰ সভাপতি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সুপ্ৰিয়া চুলেক হাৰিয়ানা আৰু পঞ্জাৱৰ দায়িত্ব দিয়া হৈছে।

Share to your Social Account
Tagged: