
স্পৰ্টছ ডেস্ক,১৪ জুনঃ এইবাৰ এছিয়ান গেমছত অংশগ্ৰহণ কৰিব নোৱাৰিব হিমা দাসে । হেমষ্ট্রিঙৰ আঘাত বাবে খেলত অংশ ল’ব নোৱাৰিব হিমাই। উল্লেখযোগ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত আঘাতপ্ৰাপ্ত হৈছিল হিমা দাস। এছিয়ান গেমছত হিমাই অংশ ল’ব নোৱাৰিব বুলি জনালে ভাৰতীয় এথলেটিকছৰ মুখ্য প্রশিক্ষক ৰাধা কৃষ্ণ নায়াৰে। সম্পূৰ্ণ আৰোগ্য হ’বলৈ আৰু কেইমাহমান জীৰণি ল’ব লাগিব হিমাই। ৰাধাকৃষ্ণণ নায়াৰে লগতে কয় যে হেমষ্ট্ৰিঙৰ আঘাতৰ উপৰিও, হিমা দাসৰ পিঠিত কিছু আঘাতৰ সমস্যাও আছে।
যোৱা বছৰৰ পৰা পিছুৱাই দিয়া এছিয়ান গেমছ ২৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ হাংঝৌত অনুষ্ঠিত হ’ব।হিমাই আঘাতৰ বাবে যোৱা মাহত ৰাঁচীৰ ফেডাৰেচন কাপতো অংশ ল’ব পৰা নাছিল। ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনে (এএফআই) আশা কৰিছিল যে হিমাই আঘাতৰ পৰা আৰোগ্য হ’ব আৰু ভুৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত ১৫ জুনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব। ভাৰতীয় ট্ৰেক আৰু ফিল্ড তাৰকাসকলৰ বাবে এছিয়ান গেমছৰ বাবে অৰ্হতা সুৰক্ষিত কৰাৰ বাবেও এই অনুষ্ঠানটো চূড়ান্ত অনুষ্ঠান হ’ব। কিন্তু দুৰ্ভাগ্যবশতঃ হিমাই আঘাতৰ বাবে ল’ব নোৱাৰিব অংশ ।