Home / International / Asia / ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ ম্যানমাৰৰ শৰণাৰ্থীক সকীয়নি জুণ্টা চৰকাৰৰ

ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ ম্যানমাৰৰ শৰণাৰ্থীক সকীয়নি জুণ্টা চৰকাৰৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ জুনঃ ২০২১ চনৰ সামৰিক অভ্যুত্থানৰ সময়ত বহিষ্কৃত নিৰ্বাচিত আইন প্ৰণেতাসকলক লৈ নিৰ্বাসিত ম্যানমাৰৰ চৰকাৰে ভাৰতত আশ্ৰয় লোৱা ম্যানমাৰৰ নাগৰিকসকলক ভাৰতৰ ৰাজনৈতিক আৰু প্ৰশাসনিক বিষয়ত জড়িত নহ’বলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

ম্যানমাৰৰ ৰাষ্ট্ৰীয় ঐক্য চৰকাৰে (National Unity Government) দেশৰ শৰণাৰ্থীসকলক ভাৰতৰ “সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি বিৰোধী” হ’ব পৰা যিকোনো কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে ৷ নিৰ্দেশনাত ম্যানমাৰৰ নাগৰিকসকলক স্পষ্টভাৱে “ভাৰতৰ ৰাজনৈতিক আৰু প্ৰশাসনিক বিষয়ত অপ্ৰয়োজনীয় জড়িত হোৱা”ৰ পৰা বিৰত থাকিবলৈ সতৰ্কবাণী জাৰি কৰা হৈছে ৷

ম্যানমাৰৰ সামৰিক চৰকাৰে নাগৰিকসকলক ড্ৰাগছ আৰু বন্য জন্তুৰ অবৈধ সৰবৰাহত জড়িত হোৱাৰ পৰা বিৰত থাকিলৈও সকীয়নি প্ৰদান কৰিছে ৷

উল্লেখ্য যে এই বছৰৰ আৰম্ভণিতে, ম্যানমাৰৰ সৈতে ৩৯৮ কিলোমিটাৰ দীঘল সীমান্ত থকা মণিপুৰে দেশখনৰ পৰা অহা শৰণাৰ্থীসকলৰ বাবে “আশ্ৰয় গৃহ” খোলাৰ সিদ্ধান্ত লৈছিল ৷ ২০২১ চনৰ ফেব্ৰুৱাৰীত সামৰিক অভ্যুত্থানৰ পিছত হাজাৰ হাজাৰ লোকে সংঘৰ্ষপীড়িত ম্যানমাৰৰ পৰা পলায়ন কৰিছে আৰু মণিপুৰ আৰু ভাৰতৰ অন্যান্য ৰাজ্যত আশ্ৰয় লৈছে ৷

Share to your Social Account
Tagged: